NORTHEAST NOW (Assamese)

মোদীৰ বিৰুদ্ধে ‘অপমানজনক’ প’ষ্ট শ্বেয়াৰ কৰাৰ বাবে চাকৰিত অৱনতি ঘটিল ৰাজ্যসভাৰ বিষয়াৰ

February 14, 2020 3:42 pm · এন ই নাও নিউজ
ৰাজ্যসভা সচিৱালয়ৰ কৰ্মচাৰী উৰুজুল হাছানক ছচিয়েল মিডিয়াত ‘অপমানজনক, মৰ্যাদা হানিকাৰক, নীচাত্মক তথা কটু প’ষ্ট দিয়াৰ অভিযোগত শাস্তি বিহা হয়।

ৰাজ্যসভা সচিৱালয়ত অলপতে এগৰাকী বিষয়াক তেওঁ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেইজনমান কেন্দ্ৰীয় মন্ত্ৰী তথা মুখ্য মন্ত্ৰীৰ বিৰুদ্ধে ছচিয়েল মিডিয়াত অপমানজনক প’ষ্ট দিয়াৰ বাবে চাকৰিত পদৰ অৱনমিত কৰা হয়।

বৰ্তমান নিলম্বিত উপ সঞ্চালক হিচাপে চাকৰিত মকৰল হৈ থকা উৰুজুল হাছানক তেওঁৰ বিৰুদ্ধে অনুশাসনমূলক প্ৰক্ৰিয়াৰ পাছত শাস্তি বিহা হয়।

ৰাজ্যসভা সচিৱালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি, অধ্যক্ষ ভেংকায়া নাইডুৱে হাছানৰ ওপৰত ‘সুৰক্ষা বিষয়াগৰাকীক পাঁচ বছৰৰ বাবে নিম্ন পদলৈ অৱনমিত কৰাৰ শাস্তি বিহা হৈছে’।

তদুপৰি, নিৰ্দেশটোত কোৱা হৈছে যে হাছানে পাঁচ বছৰৰ বাবে তেওঁৰ দৰমহাত কোনো ইনক্ৰিমেন্ট নাপাব বা শাস্তিৰ সময়ৰ ম্যাদ উকলি যোৱালৈকে বৰ্তমানৰ সেই একেটা পদতে থাকিব লাগিব।

ৰাজ্যসভা সচিৱালয়ৰ মতে, হাছানক ছচিয়েল মিডিয়াত ‘অপমানজনক, মৰ্যাদা হানিকাৰক, নীচাত্মক তথা কটু প’ষ্ট দিয়াৰ অভিযোগত শাস্তি বিহা হৈছে’।

তদুপৰি, সচিৱালয়ে লগতে সদৰী কৰে যে হাছানে ইয়াৰোপৰি ‘বিধায়কৰ এক নিৰ্বাচনৰ সৈতে সম্পৰ্কিত প্ৰচাৰৰ লগতে ৰাজনৈতিক নিৰপেক্ষতা বজাই ৰখাত ব্যৰ্থ হোৱাকে ধৰি ৰাজনৈতিক কাৰ্যকলাপক সহায় বা উৎসাহিত কৰা’ বহুসংখ্যক প’ষ্ট হাছানে শ্বেয়াৰ কৰিছিল।

কেন্দ্ৰীয় অসামৰিক সেৱা (আচৰণ) অধিনিয়ম,১৯৬৪ আৰু ৰাজ্যসভা সচিৱালয় (নিযুক্তি তথা সেৱা চৰ্তাৱলী) অধিনিয়ম ১৯৫৭ৰ নিয়ম ১৪ অধীনত এই কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হৈছে।

কেন্দ্ৰীয় অসামৰিক সেৱা (আচৰণ) অধিনিয়ম,১৯৬৪ আৰু ৰাজ্যসভা সচিৱালয় (নিযুক্তি তথা সেৱা চৰ্তাৱলী) অধিনিয়ম ১৯৫৭ৰ নিয়ম ১৪ অনুসৰি কৰ্মচাৰীক কোনো কাৰ্যকলাপত জড়িত থকাটো ‘এগৰাকী চৰকাৰী চাকৰিয়াল হৈ কৰা অমান্য’ৰ পৰা বাৰণ কৰে।

Related News