• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যসভা নিৰ্বাচন : অজিত কুমাৰ ভুঞাৰ প্ৰাৰ্থীত্ব সম্পৰ্কত উপমন্যু হাজৰিকাৰ প্ৰতিক্ৰিয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 11, 2020 6:28 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যসভাৰ এখন আসনৰ বাবে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰূপে জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভুঞা অৱতীৰ্ণ হোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই।

প্ৰতিদ্বন্দিতা কৰা অধিকাৰ সকলো ভাৰতীয় নাগৰিকৰে আছে বুলি উল্লেখ কৰে যদিও হাজৰিকাৰ মতে অজিত ভুঞাই নিজকে অসমৰ জাতীয় শক্তি সমূহৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে ঘোষণা কৰাটোহে অত্যন্ত ‘দুৰ্ভাগ্যজনক’।

হাজৰিকাৰ প্ৰশ্ন “তেওঁ কংগ্ৰেছ আৰু AIUDFৰ সমৰ্থন লৈহে প্ৰাৰ্থীত্ব আগবঢ়াইছে, কিন্তু প্ৰশ্ন হ’ল, কংগ্ৰেছ আৰু AIUDF কেতিয়াৰ পৰা অসমৰ জাতীয় শক্তি হ’ল?”

“আজি অসমৰ ১১৫টা জাতি-জনগোষ্ঠীৰ সমূহেই বাংলাদেশীৰ হাতত সংখ্যালঘু হ’বলৈ গৈ আছে, আৰু এইয়া হৈছে কেৱল জাতীয়তাবাদৰ নামত কৰা সুবিধাবাদ আৰু স্বাৰ্থপৰ ৰাজনীতিৰ বাবে।” হাজৰিকাই লগতে কয়।

তাৎপৰ্যপূৰ্ণভাৱে তেওঁ আৰু কয়,”আজিৰ দিনত বাংলাদেশী মুছলমানে সক্ৰিয়ভাৱে জাতীয় শক্তিসমূহৰ লগত তীব্ৰভাৱে আন্দোলন কৰি আছে। সেইবুলি এইটো নহয় যে এই বাংলাদেশী মুছলমান সকলক জাতীয় শক্তিসমূহে আঁকোৱালি ল’ব, এইটো কোনো কাৰণতে মানি ল’ব নোৱাৰি।”

হাজৰিকাৰ মতে “আজিৰ দিনত বাংলাদেশী মুছলমানৰ বাবেই মধ্য আৰু নামনি অসমত খিলঞ্জীয়াসকল সংখ্যালঘু হৈ নিজৰ ঠাইতে ভগনীয়া হৈছে, আৰু এই বাংলাদেশী মূলৰ মুছলমান সকলেই কিন্তু ২০৪০ চনত সংখ্যাগৰিষ্ঠ হ’বলৈ গৈ আছে, সেই ভয়াৱহ পৰিস্থিতিটো কোনেও অনুধাৱন কৰা নাই।”

“যোৱা ৪০ বছৰে অসমত খিলঞ্জীয়াই নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে বিকল্পৰ সন্ধানতেই আছে, কিন্তু কংগ্ৰেছেই হওঁক কিম্বা অগপই হওক আৰু শেষত বিজেপিয়েই হওক; কোনো এটা দলেই বাংলাদেশীৰ প্ৰতি আকৰ্ষণ এৰিব নোৱাৰিলে। এয়াই হ’ল অসমৰ দুৰ্ভাগ্য।” হাজৰিকাই কয়।

হাজৰিকাই আৰু কয়, “কেৱল CAAৰ সুযোগ লৈ কংগ্ৰেছ আৰু AIUDFৰ কাষ চাপিব খুজিলে, না বিকল্প ৰাজনীতি সফল হ’ব, না খিলঞ্জীয়াৰ ভৱিষ্যত ৰক্ষা হ’ব যদি এই ভুলৰ পুনৰাবৃত্তি কৰে, সেয়া হ’ব কেৱল সুবিধাবাদৰ ৰাজনীতি।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm
ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd