বঙাইগাঁৱত নাৰীৰ বিৰুদ্ধে হিংসাৰ অন্ত বিচাৰি সমাজ কল্যাণ বিভাগৰ সমদল

বঙাইগাঁও জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু বঙাইগাঁও জিলা প্ৰশাসনৰ সহযোগত মহিলা আৰু ছোৱালীৰ প্ৰতি চলি অহা হিংসাত্মক আচৰণ বন্ধ কৰাৰ প্ৰতি সজাগতা সৃষ্টি কৰাৰ বাবে স্থানীয় গান্ধী ময়দানৰ পৰা চহৰখনত এক সজাগতা সমদল উলিওৱা হয়।

জিলাৰ অতিৰিক্ত উপায়ুক্ত পংকজ চমুৱাৰ উপস্থিতিত সমাজ কল্যাণ বিভাগৰ জিলা বিষয়া ধীৰাজ তালুকদাৰ, প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ জিলা সমন্বয়ক কৌশিকা লহকৰ, পোষণ অভিযানৰ জিলা সমন্বয়ক জীতেন্দ্ৰ দাস, অংগনৱাডী কৰ্মী, মুখ্য সেৱিকা, ৱান ষ্টপ চেন্টাৰ(সখী)ৰ কৰ্মকৰ্তা, বেচৰকাৰী সংগঠন আদিৰ অংশগ্ৰহণেৰে উলিওৱা এই সজাগতা সমদল উপায়ুক্ত ডা:এম এছ লক্ষ্মী প্ৰিয়াই পতাকা জোকাৰি শুভাৰম্ভ কৰে।

উল্লেখ্য যে মহিলাৰ বিৰুদ্ধে হিংসাৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে ২০৩০ চনৰ ভিতৰত ঐক্যবদ্ধ হোৱাৰ আহ্বানেৰে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে আৰম্ভ কৰা অভিযানৰ অংশৰূপে ৰাজ্যিক পৰ্যায়ত ২৫ নৱেম্বৰৰ পৰা ১৬ দিনীয়াকৈ আৰম্ভ কৰা হৈছে সজাগতা কাৰ্যসূচী ।

ৰাজ্যখনৰ সকলো জিলাৰ লগতে সোমবাৰে বঙাইগাঁও জিলাতো এই সজাগতা সমদল উলিওৱা হয়।
বঙাইগাঁও গান্ধী ময়দানৰ পৰা আৰম্ভ কৰা এই সজাগতা সমদল মায়াপুৰী হৈ ৰাস মন্দিৰৰ কাষেৰে পাৰ হৈ আকৌ গান্ধী ময়দানত সমদলটি উপস্থিত হোৱাৰ পিছত এই সজাগতা সমদলৰ অন্ত পৰে।

মহিলা আৰু ছোৱালীৰ প্ৰতি হিংসাত্মক আচৰণ অন্ত কৰক , ছোৱালী আৰু মহিলাক নীচ বুলি নেভাবিব, যৌতুক প্ৰথা বন্ধ কৰক আদি লিখা বেনাৰ, প্লেকাৰ্ডেৰে সমদল কাৰীসকলে ৰাইজক সজাগ কৰাৰ চেষ্টা কৰে।