NORTHEAST NOW (Assamese)

দক্ষিণ ভাৰতৰ ছুপাৰষ্টাৰ ৰাম চৰণ ক’ভিড পজিটিভ

December 29, 2020 1:11 pm · এন ই নাও নিউজ

চিৰঞ্জীৱীৰ পুত্ৰ তথা দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতা ৰাম চৰণ ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

অভিনেতাজনে নিজেই আজি অৰ্থাৎ ২৯ ডিচেম্বৰত ছ’চিয়েল মিডিয়াযোগে এই কথা ৰাজহুৱা কৰে।

ছ’চিয়েল মিডিয়াযোগে প্ৰকাশ কৰা প’ষ্টটোত ক’ৰ’নাৰ কোনো লক্ষণ দেখা দিয়া নাছিল আৰু বৰ্তমান চিকিৎসকৰ পৰামৰ্শত নিজকে কোৱাৰেণ্টাইন কৰা বুলি জনায়।

তেওঁ লগতে যোৱা কিছু দিনত তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক ক’ৰ’নাৰ টেষ্ট কৰিবলৈও অনুৰোধ জনায়।

টুইটাৰত তেওঁ লিখে, ‘মোৰ ক’ভিড-১৯ৰ টেষ্ট পজিটিভ আহে। কোনো লক্ষণ নাই আৰু ঘৰতে কোৱাৰেণ্টাইন হৈ আছো। আশা কৰো সোনকালে সুস্থ হৈ অধিক শক্তিশালীভাৱে আত্মপ্ৰকাশ কৰিব পাৰিম’।

যোৱা সপ্তাহত তেওঁ অল্লু অৰ্জুন, নিহাৰিকা আৰু আন আন আত্মীয়ৰ সৈতে লগ লাগি বৰদিন উদযাপন কৰিছিল।

Related News