ৰাম মন্দিৰৰ ভূমি পূজন: গুৱাহাটীত ঠায়ে ঠায়ে বন্তি প্ৰজ্বলন; উগ্ৰতাৰাত আৰতি

Ram Mandir Bhoomi Poojan: Guwahati's Ugratara Devalaya offers aarati

আজি অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজন কৰে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ভূমি পূজন অনুষ্ঠানৰ লগত সংগতি ৰাখি মহানগৰীৰ বিভিন্ন স্থানত পতাকা উৰুৱাৰ লগতে বন্তি প্ৰজ্জ্বলন কৰে৷

গুৱাহাটীৰ উগ্ৰতাৰা দেৱালয়ত দেৱীৰ ওচৰত আৰতি প্ৰদান কৰে৷

মহানগৰীৰ উগ্ৰতৰা দেৱালয়ত বন্তি প্ৰজ্বলন কৰে৷ ১০৮ গছি বন্তি প্ৰজ্বলন কৰি চৌহদ পোহৰাই তোলাৰ লগতে আৰতি প্ৰদান কৰি দেৱীৰ ওচৰত ৰাম মন্দিৰৰ নিৰ্মান কাৰ্য্যত বাধা নহবলৈ প্ৰাৰ্থনা জনায়৷

ইপিনে উগ্ৰতাৰা দেৱালয়ত উপস্থিত থাকি সদৌ অসম দেৱালয় সংঘৰ প্ৰধান সম্পাদক কৈলাস শৰ্মাই কয়, “আজিৰ দিনটো ঐতিহাসিক আৰু অতি আনন্দৰ দিন৷ এই দেৱালয়তে ৰামচন্দ্ৰৰ গুৰু বশিষ্ঠ মুনিয়ে তপস্যা কৰি সিদ্ধি লাভ কৰিছিল ৷ সেয়ে দেৱীৰ ওচৰত প্ৰাৰ্থনা জনাইছো যাতে শিলান্যাসৰ পৰা পুৰ্নাংগ মন্দিৰ হোৱাত কোনো বাধাৰ সৃষ্টি নহয়”৷

আনহাতে দিনৰ ভাগত মালিগাওঁৰ গোশালাত থকা ৰাম মন্দিৰত সমাজিক দূৰত্ব বজাই ৰাখি পূজা অৰ্চনা কৰে অখিল ভাৰত হিন্দু মহাসভাৰ কাৰ্যকৰ্তাই।

লগতে ৰাম মন্দিৰ ভূমি পূজন উপলক্ষে গনেশগুৰিৰ জানকী বল্লভ মন্দিৰত পূজা অৰ্চনা কৰে জনসাধাৰনে৷

ইফালে ৰাম মন্দিৰৰ ভূমি পূজন কাৰ্য সূচীৰ সৈতে সংগতি ৰাখি মহানগৰীৰৰ ভক্তপ্ৰাণ ৰাইজে নিজৰ ঘৰৰ পদূলিত বন্তি প্ৰজ্জ্বলন কৰে৷