ক’ৰ ধন তথা বৰঙণিৰেৰে নিৰ্মাণ কৰা হ’ব অযোধ্যাৰ ৰাম মন্দিৰ?, কি ক’লে মন্দিৰ নিৰ্মাণ ট্ৰাষ্টে?

index.jpga

অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণত ব্যৱহাৰ কৰা নহয় বিদেশী বৰঙণিৰে সংগ্ৰহ হোৱা কোনো ধন।

কেৱল দেশীয় দান বৰঙণিৰে সংগ্ৰহ হোৱা ধনহে মন্দিৰৰ নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা হ’ব। বুধবাৰে এই কথা প্ৰকাশ কৰিছে ৰাম মন্দিৰ নিৰ্মাণ ন্যাসৰ সাধাৰণ সম্পাদক চম্পত ৰয়ে।

ৰাম জনমভূমি তীৰ্থ ক্ষেত্ৰত নিৰ্মাণ কৰিবলগীয়া ৰাম মন্দিৰক ৰাষ্ট্ৰ মন্দিৰ বুলি অভিহিত কৰি চম্পতে লগত কয় যে মন্দিৰটো নিৰ্মাণ কৰিবলৈ সমগ্ৰ দেশতে দান বৰঙণি সংগ্ৰহৰ বাবে ব্যাপক প্ৰচাৰ চলোৱা হ’ব।

দিল্লীত আহ্বান কৰা এক সংবাদ মেলত চম্পতে মন্দিৰৰ প্ৰস্তাৱিত ফ’টোগ্ৰাফ প্ৰদৰ্শন কৰি কয় যে দেশৰ কোটি কোটি মানুহৰ ঘৰলৈ এই প্ৰস্তাৱিত মডেলৰ ফ’টোগ্ৰাফ প্ৰেৰণ কৰি প্ৰচাৰ কৰা হ’ব।

“ৰামভক্তসকলৰ পৰা স্বেচ্ছামূলক দান বৰঙণি লোৱা হ’ব। তেওঁলোকৰ বাবে ১০, ১০০ আৰু ১০০০ টকাৰ কুপন বনোৱা হ’ব।” চম্পতে কয়।

দান বৰঙণিত স্বচ্ছতা ৰক্ষাৰ বাবে ১০ টকীয়া ৪ কোটি, ১০০ টকীয়া ৮ কোটি আৰু ১০০০ টকীয়া ১২ লাখ কুপন প্ৰিণ্ট কৰা হ’ব বুলিও জনায় চম্পতে।

বিদেশী বৰঙণি গ্ৰহণ কৰা নহয় বুলি উল্লেখ কৰি চম্পত ৰয়ে লগতে কয় যে কিমান পৰিমাণৰ দান বৰঙণি সংগ্ৰহ কৰা হ’ব সেয়া এতিয়াও ধাৰ্য কৰা হোৱা নাই।

মন্দিৰৰ নিৰ্মাণৰ ব্যয় অথবা প্ৰাককলন এতিয়াও সম্পূৰ্ণ নোহোৱাৰ বাবে কিমান ধন দান বৰঙণিয়ে সংগ্ৰহ কৰা হ’ব সেয়া নিৰ্ধাৰণ কৰিব পৰা নাই বুলি জনালে ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পত ৰয়ে।