শিলচৰত তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত ভিডিঅ’ সংবাদদাতাৰ মৃত্যু

silchar-scribe-750x375

দেওবাৰে নিশা শিলচৰ চহৰত সংঘটিত এক দুৰ্ঘটনাত এজন ভিডিঅ’ সাংবাদিকৰ মৃত্যু হোৱাত গোটেই নিশা চহৰখনত এক চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰে।

জানিব পৰা মতে বৰাক টেলিভিশ্যন নেটৱৰ্ক(বি টি এন)ত কৰ্মৰত মলিন শৰ্মা নামৰ সাংবাদিক জনে নিশা কৰ্মস্থলীৰ পৰা ঘৰলৈ স্কুটীত আহি থকা অৱস্থাত এখন তীব্ৰ বেগী ডাম্পাৰে খুন্দিয়াই। দুৰ্ঘটনাটোত লগে লগে মৃত্যুবৰণ কৰে সাংবাদিক শৰ্মাই।

ইফালে দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ঘটনাস্থলৰ পৰা পলাই যায় ডাম্পাৰখন। এই ঘটনাৰ কথা জানিব পৰাত শিলচৰৰ প্ৰায়বোৰ সাংবাদিক তথা সংবাদ ক্ষেত্ৰৰ লগত জড়িত ব্যক্তি তাৰাপুৰ আৰক্ষী পেট্ৰল প’ষ্টত উপস্থিত হৈ ঘটনাৰ তদন্তৰ লগতে ডাম্পাৰখনৰ চালকক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়।

ইয়াৰ উপৰি দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি ক্ষুব্ধ হৈ পৰা সাংবাদিক সকলে এই ঘটনাটোৰ তদন্তৰ লগতে জিলা প্ৰশাসনে তীব্ৰবেগী বাহন সমূহৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবীত তাৰাপুৰ পথটো অৱৰোধ কৰে।

এই অৱৰোধ কাৰ্যসূচী নিশা তিনি বজালৈ অব্যাহত থকাত শিলচৰ মহকুমা বিষয়া ধ্ৰুৱজ্যোতি পাঠকে ঘটনাস্থলত উপস্থিত হৈ সাংবাদিক সকলৰ দাবী সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে। আৰু তাৰ পাছতে পথ অৱৰোধ কাৰ্যসূচী বাতিল কৰা হয়।

ইফালে নিশা ১২ মান বজাত স্থানীয় আৰক্ষীয়ে সাংবাদিকজনৰ মৃতদেহ মৰঁণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

চিকিৎসালয়ত শিলচৰ জিলা কংগ্ৰেছৰ সম্পাদক অভিজিৎ পল উপস্থিত হৈ সাংবাদিকজনক শেষ শ্ৰদ্ধাঞ্জলি জনায়। তেওঁ এই ঘটনাক দুখজনক বুলি কোৱাৰ লগতে প্ৰশাসনক ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।

উল্লেখ্য যে ২০০৩ চনত সাংবাদিকৰ কেৰিয়াৰ আৰম্ভ কৰা মলিন শৰ্মাই মৃত্যুৰ সময়ত পত্নী আৰু এগৰাকী জীয়ৰীক এৰি থৈ যায়।