ভংগ কৰিব লাগে নিৰ্বাচন আয়োগ! ৰামৰ ধনু ধাৰণ কৰিব নোৱাৰে ৰাৱণে!
দলীয় বিসম্বাদৰ পৰিণতিত প্ৰথমে ক্ষমতা আৰু শেহতীয়াকৈ দলৰ নাম-প্ৰতীক চিহ্ন হেৰুৱাবলগীয়া হোৱা উদ্ধৱ থাকৰে শেষ চেষ্টা হিচাপে শৰণাপন্ন হৈছে উচ্চতম ন্যায়ালয়ৰ। শিৱসেনাৰ বিভাজন ঘটাই বিজেপিৰ সহায়ত মহাৰাষ্ট্ৰৰ ক্ষমতা দখললৈ অনা একনাথ সিন্দে গোটৰ হাতত নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে দলীয় নাম আৰু প্ৰতীক হেৰুওৱা উদ্ধৱ থাকৰেই আজি সদৰী কৰিছে এই কথা।
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সম্প্ৰতি তীব্ৰ সোচ্চাৰ হৈ পৰা থাকৰেই লগতে দলৰ নাম আৰু প্ৰতীক পোনপটীয়াকৈ এটা ফৈদক দিয়া কেতিয়াও কোনো দৃষ্টান্ত নাই বুলি উল্লেখ কৰে আৰু নিৰ্বাচন আয়োগ ভংগ কৰি দিয়াৰো পৰামৰ্শ আগবঢ়াইছে। ইতিপূৰ্বে নিৰ্বাচন আয়োগক চৰম সমালোচনা কৰি থাকৰেই নিৰ্বাচন আয়োগক মোদীৰ দাস বুলিও অভিহিত কৰিছিল।
সিন্দে গোটক নিৰ্বাচন আয়োগে শিৱসেনাৰ নাম আৰু প্ৰতীক ব্যৱহাৰৰ কৰ্তৃত্ব প্ৰদান কৰিলেও উদ্ধৱ থাকৰেই ৰামৰ ধনু ৰাৱণে কেতিয়াও ধাৰণ কৰিব নোৱাৰে বুলি মন্তব্য কৰে। শিৱসেনাৰ প্ৰতিষ্ঠাপক বালাচাহেব থাকৰেৰ পুত্ৰ উদ্ধৱৰ মতে, দলৰ নাম আৰু প্ৰতীক চুৰি হৈছে যদিও সিন্দে গোটে থাকৰেৰ নাম চুৰি কৰিব নোৱাৰে।
সিন্দে গোটক চুৰ বুলি অভিহিত কৰি থাকৰেই তেওঁলোকে বালাচাহেবৰ ঘৰত সকলোবোৰ চুৰিৰ বাবে প্ৰৱেশ কৰিছিল যদিও তেওঁলোকৰ বালাচাহেবৰ পুত্ৰ হিচাপে জন্ম লোৱাৰ সৌভাগ্য নাই বুলিও মন্তব্য কৰে। ইফালে নিৰ্বাচন আয়োগে সিন্দে গোটক দলীয় প্ৰতীক ব্যৱহাৰৰ অনুমোদন দিলেও ২৮ ফেব্ৰুৱাৰীলৈকে এই চিহ্ন ব্যৱহাৰ কৰিব বুলি স্পষ্ট কৰি দিছে উদ্ধৱ থাকৰেই।
দলৰ নাম আৰু প্ৰতীক কাঢ়ি লৈ শিৱসেনাক শেষ কৰাৰ বাবে বিজেপিয়ে ষড়যন্ত্ৰ কৰিছে বুলিও দাবী কৰে থাকৰেই। তেওঁ লগতে কয় যে তেওঁলোকৰ ভাগ্য নিৰ্ণয় কৰাৰ ক্ষমতা দিল্লীৰ লোকৰ হাতত নাই। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপি জয়ী হ’লে একনায়কত্ববাদৰ নগ্ন নৃত্য আৰম্ভ হ’ব বুলিও সাৱধানবাণী শুনাইছে থাকৰেই।