NORTHEAST NOW (Assamese)

ৰণবীৰ এলাহবাদিয়াক তীব্ৰ কটাক্ষ উচ্চতম ন্যায়ালয়ৰ

February 18, 2025 4:21 pm · এন ই নাও নিউজ, গুৱাহাটী

সময় ৰাইনাৰ শ্ব ‘ইণ্ডিয়াজ গট লেটেণ্টত অভিভাৱকক লৈ অশ্লীল মন্তব্য কৰি বিতৰ্কৰ মাজত সোমাই পৰিছে ৰণবীৰ এলাহবাদিয়া নামৰ এজন ইউটিউবাৰ। এই ঘটনাত গ্ৰেপ্তাৰৰ পৰোৱানাও জাৰি কৰা হৈছিল; এতিয়া ভাৰতৰ উচ্চতম ন্যায়ালয়ে সেই গোচৰৰ পৰা ইউটিউবাৰজনক মুকলি কৰি দিছে।

অৱশ্যে মুক্তি পোৱাৰ পাছতো আদালতে কঠোৰভাৱে তেওঁৰ অশ্লীল মন্তব্যক লৈ বিতৰ্কত জড়িত হৈ থকা বাবে তীব্ৰ কটাক্ষ কৰে। উচ্চতম ন্যায়ালয়ে কয় যে ৰণবীৰ এলাহবাদিয়াৰ মন্তব্যত এক অতি নিকৃষ্ট মানসিকতাৰ প্ৰতিফলন ঘটিছে। ইউটিউবাৰৰ আবেদনৰ শুনানিৰ সময়ত আদালতে লগতে কয় যে বাক স্বাধীনতা থাকিলেও অসামাজিক মন্তব্য কৰাৰ কোনো অধিকাৰ নাই।

পৰিয়াল সন্দৰ্ভত ৰণবীৰৰ বিতৰ্কিত মন্তব্যই সকলোতে গৰিহণাৰ ধুমুহাৰ সৃষ্টি কৰিছে। ফলত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰণবীৰৰ বিৰুদ্ধে গোচৰ ৰুজু হবলৈ ধৰিছে।

আৰু সেই অভিযোগসমূহৰ পৰা মুক্তি পাবলৈ ৰণবীৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। জনপ্ৰিয় ইউটিউবাৰগৰাকীয়ে সমগ্ৰ দেশতে দাখিল কৰা সকলো অভিযোগ একেলগে বিচাৰ কৰি গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ অগ্ৰিম জামিন প্ৰদান কৰিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল।

Related News