ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ অৰ্থে বিদ্যালয় প্ৰাংগণতে উদযাপন কৰিলে ৰঙালী বিহু

টীয়কৰ চৰকাৰী বিদ্যালয়ৰ আদৰণীয় পদক্ষেপ

Teok2

ৰাজ্যৰ চৌপাশে বহাগ বিহুক আদৰাত ব্যস্ত সকলো।

ৰাজ্যত কাৰ্যালয়, বিদ্যালয়, মহাবিদ্যালয়সমূহত চৰকাৰী বিহুৰ বন্ধ সমাগত।

সেয়ে আজি ছাত্ৰীসকলক অসমৰ চহকী সংস্কৃতিৰ চৰ্চা আৰু ইয়াৰ প্ৰতি আকৃষ্ট কৰাৰ উদ্দেশ্যে টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত উদযাপন কৰে ৰঙালী বিহু।

বিহু কেইদিন বিদ্যালয় যিহেতু বন্ধ থাকিব সেয়ে উৰুকাৰ আগদিনা সোমবাৰে বিদ্যালয় প্ৰাংগণত আয়োজন কৰা হৈছে ৰঙালী বিহু।

অনুষ্ঠানত ছাত্ৰীসকলে প্ৰদৰ্শন কৰে হুঁচৰিকে ধৰি বিহু গীত, নাচ আদি।

অসমীয়াৰ চহকী সংস্কৃতিৰ সৈতে ছাত্ৰীসকলক পৰিচয় কৰাই দিয়াৰ সমান্তৰালকৈ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ অৰ্থে বিদ্যালয়তে এইদৰে অনুষ্ঠান আয়োজন কৰা হৈছে বুলি মন্তব্য কৰিছে বিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে।

উল্লেখযোগ্য যে এই মঞ্চত বিহুৰ লগতে বৰ অসমৰ বিভিন্ন জনগোষ্ঠীৰ নৃত্য গীতৰ সমাহাৰে এক আকৰ্ষণীয় পৰিবেশ গঢ়ি তুলিছে ছাত্ৰীসকলে।

চৰকাৰী বিদ্যালয়খনৰ এই পদক্ষেপক এতিয়া সকলোৱে আদৰণী জনাইছে।