পৰম্পৰাগত খেল আৰু সাংস্কৃতিক অনুষ্ঠানেৰে ঐতিহাসিক ৰংঘৰ বাকৰিত ৰজাদিনীয়া ৰংপুৰ মেলা

Rangpur Mela

ৰংপুৰ মেলাত জনগোষ্ঠীয় নৃত্য

শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ বাকৰিত পহিলা মাঘৰ দিনা ৰংপুৰ মেলা অনুষ্ঠিত কৰি অহা হৈছে।

টাই আহোম যুৱ পৰিষদ শিৱসাগৰ জিলা সমিতি আৰু ৰাইজৰ উদ্যোগত ঐতিহাসিক ৰংঘৰৰ বাকৰিত আজি উলহ-মালহেৰে দশম ৰংপুৰ মেলা  অনুষ্ঠিত হয়।

ৰাতিপুৱা পতাকা উত্তোলন,  মৈডাম তৰ্পনেৰে আৰম্ভ হয় দশম ৰংপুৰ মেলাৰ।

ইয়াৰ পাছতে  টেকেলী ভঙা, ৰচী টনা, পিচল খুটাত বগোৱা আদি খেল ধেমালী অনুষ্ঠিত কৰা হয়।

পহিলা মাঘৰ দিনটোত ৰংপুৰ মেলা উপলক্ষে আজি ৰংঘৰৰ বাকৰিত লোকে লোকাৰণ্য হৈ পৰে।

ৰংপুৰ মেলা উপলক্ষে শিৱসাগৰৰ ৰংঘৰ বাকৰিত বিভিন্ন জনগোষ্ঠীয় নৃত্যও প্ৰদৰ্শন কৰা হয়।

জনগোষ্ঠীয় নৃত্য সমুহৰ ভিতৰত তিৱা, গাৰো, বড়ো, মিচিং আৰু টাই আহোম জনগোষ্ঠীয় নৃত্য উল্লেখযোগ্য।

আনহাতে, সুদূৰ গাৰো পাহাৰৰ পৰা উঠি আহি চেপনৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ নিলগৰ শলগুৰিত থকা পশ্চিম গাৰো বস্তি গাঁৱত বসতি কৰি থকা গাৰো লোকসকলে অনুষ্ঠানত গাৰো নৃত্য প্ৰদৰ্শন কৰে ।

ৰংপুৰ মেলাৰ লগত সংগতি ৰাখি ‘চে-মুন’ নামৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়।

স্মৃতিগ্ৰন্থখন উন্মোচন কৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি দিলীপ বুঢ়াগোহাঁইয়ে।  স্মৃতিগ্ৰন্থখন সম্পাদনা কৰে ডঃ জীৱন কলিতা আৰু মনোজ কুমাৰ গগৈয়ে।

উল্লেখযোগ্য যে, আহোম যুগৰে পৰা ৰংঘৰৰ সন্মুখত ভোগালী বিহুৰ দিনা আহোম ৰজাই বিভিন্ন খেল ধেমালী মহ যুঁজ, মল্লযুদ্ধ, কুকুৰা যুঁজ আদিৰ লগতে জনগোষ্ঠীয় নৃত্য উপভোগ কৰিছিল। ৰংঘৰৰ বাকৰিত অতিজৰে পৰা চলি অহা এই পৰম্পৰা এতিয়াও অক্ষুণ্ণ ৰাখি থকা হৈছে বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।

আনহাতে, দিচাংমুখৰ জেইলগাঁৱৰ  মাজৰবাৰীত পৰম্পৰা ৰক্ষা কৰি ম’হ যুঁজ অনুষ্ঠিত হয়। জেইল গাঁৱৰ ৰাইজৰ  উদ্যোগত আজি পহিলা মাঘৰ দিনাখন প্ৰতিবছৰৰ দৰে মহ যুঁজ অনুষ্ঠিত হয়।