মণিপুৰৰ কাৰাৰুদ্ধ সাংবাদিকক এন এছ এৰ গোচৰৰ পৰা মুক্তি দিবলৈ আহ্বান পত্নীৰ

"ঝান্সিৰ ৰাণীৰ সৈতে আমাৰ সম্পৰ্ক নাই, আমাৰ নিজৰে ঢেৰ সমস্যা আছে, তেওঁ মুখ্য মন্ত্ৰীক এইটোবে সোঁৱৰাই দিব বিচাৰিছিল"

Journalist wife

মণিপুৰৰ মুখ্য মন্ত্ৰীক সমালোচনা কৰা বাবেই বৰ্তমান কঠোৰ এন এছ এ আইনৰ অধীনত কাৰাৰুদ্ধ কৰি ৰখা সাংবাদিক কিশোৰচন্দ্ৰ ৱাংখেমক সোনকালে মুকলি কৰি দিবলৈ আহ্বান জনাইছে তেওঁৰ পত্ন ৰঞ্জিতা এলেংবামে।

নতুন দিল্লীত ২৯ জানুৱাৰিত এখন সংবাদমেল দি সাংবাদিকজনৰ পত্নীগৰাকীয়ে তেওঁৰ স্বামীৰ বিৰুদ্ধে এন এছ আইনৰ অধীনৰ গোচৰ উঠাই ল’বলৈও আহ্বান জনায়। সংবাদমেলখনত উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ থকা প্ৰেছ কাউন্সিল অব ইণ্ডিয়াৰ প্ৰাক্তন অধ্যক্ষ মাৰ্কেণ্ডেয় কাটজুৱে আঁত ধৰে।

কাটজুৰ উপৰি সংবাদমেলখনত উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা হিউমেন ৰাইটছ ল নেটৱৰ্ক (Human Rights Law Network (HRLN)) ৰ প্ৰতিষ্ঠাপক কলিন গনছেলভছো উপস্থিত আছিল।

সংবাদ মাধ্যমৰ আগত মত ৰাখি ৰঞ্জিতা এলেংবামে কয় যে তেওঁ মাথো মণিপুৰৰ মুখ্য মন্ত্ৰীক সোঁৱৰাই দিব বিচাৰিছিল যে আমাৰ নিজৰে ঢেৰ সমস্যা আছে, ঝান্সিৰ ৰাণীৰ সৈতে আমাৰ সম্পৰ্ক নাই।

তেওঁৰ মুখ বন্ধ কৰিবলৈ চেষ্টা কৰা হৈছে বুলি ্অভিযোগ কৰি ৰঞ্জিতাই কয়, “আমি গণতান্ত্ৰিক দেশ এখনত বাস কৰিছো নে নাই সন্দেহ ওপজে”

উল্লেখযোগ্য যে যোৱা বছৰৰ ২০ নৱেম্বৰত সাংবাদিকজনক তেওঁ আপল’ড দিয়া এটা ভিডিঅ’ৰ বাবে এন এছ এৰ অধীনত গ্ৰেপ্তাৰ কৰি জেইলত ৰখা হৈছে। ভিডিঅ’টোত মুখ্য মন্ত্ৰীজনৰ লগতে বিজেপি, আৰ এছ এছকো সমালোচনা কৰা হৈছিল। বিশেষকৈ মুখ্য মন্ত্ৰীজনে তেওঁৰ ভাষণত ঝান্সিৰ ৰাণীৰ বীৰত্ব দাঙি ধৰাৰ প্ৰাসংগিকতাক লৈ প্ৰশ্ন উঠাইছিল।

ইয়াৰ পূৰ্বেও সাংবাদিকজনে মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙৰ লগতে বিজেপি আৰু আৰ এছ এছক ধাৰাবাহিকভাৱে সমালোচনা কৰি আহিছিল, যাৰ বাবেই তেওঁৰ কণ্ঠ ৰোধ কৰিবলৈ চৰকাৰে পদক্ষেপ লোৱা বুলি মানৱ অধিকাৰ কৰ্মীসকলে অভিযোগ কৰিছে। গ্ৰেপ্তাৰৰ দুদিনমান পিছতে তেওঁক জামিন দিয়া হৈছিল যদিও পুনৰ পৰামৰ্শ কমিটীৰ অনুমোদনৰ ভিত্তিত ২৬ নৱেম্বৰত এন এছ এৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়।

মন কৰিব লগীয়া যে বিজেপিলৈ দল সলনি কৰাৰ পিছতে উত্তৰ-পূবৰ ৰাজনৈতিক নেতাসকলে অঞ্চলটোৰ স্বকীয় ইতিহাস, সংস্কৃতি পাহৰি ভাৰতৰ মূল ভূখণ্ড তথা হিন্দী বলয়ৰ কৃষ্টি-সংস্কৃতি, ঐতিহাসিক চৰিত্ৰ আদিৰ গুণনুকীৰ্তনত অধিক মনোনিৱেশ কৰা দেখা গৈছে।