ধর্ষণত অভিযুক্ত বিধায়কে অভিযোগকাৰী মহিলাৰ সৈতেই পাতিলে বিয়া

_21512db6-8bba-11e9-8cbe-ea25bc6af10d.png

বিধায়ক ধনঞ্জয় ত্ৰিপুৰা। ফটো : টুইটাৰৰ সৌজন্যত

ত্ৰিপুৰাৰ ইণ্ডিজেনাছ পিপুলছ ফ্ৰন্ট অৱ ত্ৰিপুৰা(আই পি এফটি)ৰ এগৰাকী বিধায়কে তেওঁৰ বিৰুদ্ধে ধৰ্ষণ কৰাৰ অভিযোগ অনা মহিলাগৰাকীকে বিয়া পাতিলে। ত্ৰিপুৰাত আই পি এফটি শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁট চৰকাৰৰ সহযোগী দল।

যোৱা মাহত মহিলাগৰাকীয়ে বিধায়ক ধনঞ্জয় ত্ৰিপুৰাৰ বিৰুদ্ধে আগৰতলা মহিলা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছিল। মহিলাগৰাকীয়ে অভিযোগ কৰিছিল যে বিধায়ক ত্ৰিপুৰাই তেওঁক বিবাহৰ প্ৰতিশ্ৰুতি দি ধৰ্ষণ কৰিছিল।

মহিলাগৰাকীয়ে লগতে দাবী কৰিছিল যে বিধায়কজনে তেওঁৰ সৈতে এক ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰিছিল যদিও পাছত বিবাহ কৰাবলৈ অস্বীকাৰ কৰিছিল। দ্য হিন্দুস্তান টাইমছত এই বাতৰি প্ৰকাশ কৰা হৈছে।

প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত ত্ৰিপুৰাই এই অভিযোগক তেওঁৰ ভাবমূৰ্তি বিনষ্ট কৰিবলৈ বিৰোধীৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰিছিল আৰু পাছত ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। কিন্তু যোৱা ১ জুনত উচ্চ ন্যায়ালয়ে তেওঁৰ আগতীয়া জামিনৰ আবেদন নাকচ কৰিছিল।

অভিযুক্ত বিধায়কজনৰ অধিবক্তা অমিত দেববাৰ্মাই জানিবলৈ দিয়ে যে দম্পতি হালে এটা স্থানীয় মন্দিৰত হিন্দু ৰীতি অনুসৰি বিয়া পাতে যদিও তেওঁলোকৰ বিবাহৰ তথ্য এতিয়াও আদালতত দাখিল কৰা হোৱা নাই।

দেববাৰ্মাই কয় যে দুয়োটা পক্ষই এক আপোচ সূত্ৰত উপনীত হৈছে আৰু পাছলৈ কাৰো বিপক্ষে কোনোৱে অভিযোগ দাখিল নকৰে।

‘’দম্পতি হালে দুই তিনিদিন পূৰ্বে বিবাহৰ পঞ্জীয়নৰ বাবে আবেদন কৰিছে। মঙলবাৰে মই তেওঁলোকৰ নথি লাভ কৰাৰ পাছতেই সেয়া আদালতত দাখিল কৰিম,’’-দেববাৰ্মাই কয়।

আনহাতে, আইপিএফটিৰ মুৰব্বী তথা ৰাজ্যখনৰ ৰাজহ মন্ত্ৰী এন চি দেববাৰ্মাই পূৰ্বে সাংবাদিকৰ আগত কৈছিল যে তেওঁলোকে দৰা আৰু কন্যা পক্ষৰ দুয়োটা পৰিয়ালৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰিছে।

ইপিনে,বিধায়কগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সোনকালেই প্ৰত্যাহাৰ কৰাৰ সম্ভাৱনা আছে।