NORTHEAST NOW (Assamese)

ধৰ্ষণ, এচিড আক্ৰমণৰ ভুক্তভোগীক বিনামূলীয়াকৈ চিকিৎসা কৰা হ’ব- দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

December 24, 2024 5:28 pm · এন ই নাও নিউজ, গুৱাহাটী

যৌন নিৰ্যাতনৰ বলি হোৱা, এচিড আক্ৰমণৰ বলি হোৱা ভুক্তভোগীক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰিব লাগে। দিল্লী উচ্চ ন্যায়ালয়ে সকলো চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়কে তেনে কৰিবলৈ নিৰ্দেশ দিছে। লগতে কোনো চিকিৎসালয়ে এই চিকিৎসা সেৱা আগবঢ়াবলৈ অস্বীকাৰ কৰিব নোৱাৰে বুলিও জনোৱা হৈছে। যদি আছে তেন্তে কৰ্তৃপক্ষই শাস্তিৰ সন্মুখীন হব পাৰে।

১৬ বছৰীয়া কিশোৰীক ধৰ্ষণৰ গোচৰৰ শুনানিৰ সময়ত দিল্লী উচ্চ ন্যায়ালয়ে এই নিৰ্দেশনা দিয়ে। ঘটনাৰ অভিযুক্ত তেওঁৰ পিতৃ! সেই গোচৰৰ শুনানিৰ সময়ত ন্যায়াধীশ প্ৰতিভা এম সিং আৰু অমিত শৰ্মাৰ বিচাৰপীঠে নিৰ্দেশ দিয়ে যে সকলো ৰাজহুৱা আৰু ব্যক্তিগত চিকিৎসালয়, নাৰ্চিং হোম, ক্লিনিকত যৌন নিৰ্যাতন, ধৰ্ষণ, এচিড আক্ৰমণৰ বলি হোৱা লোকসকলক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰিব লাগে। যিকোনো পৰীক্ষাই হওক বা আন যিকোনো সেৱাই হওক, বিনামূলীয়াকৈ কৰিব লাগে।

দিল্লী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়ে যে সকলো চিকিৎসালয়তে বাহিৰত বৰ্ড ওলোমাই সকলোকে এই চিকিৎসা সেৱাৰ সমস্যা সন্দৰ্ভত সজাগ কৰিব লাগে। এইডছ ৰোগত আক্ৰান্ত হলেও ভুক্তভোগীক ঘূৰাই দিব নোৱাৰিব।

সংকটজনক পৰিস্থিতিৰ ক্ষেত্ৰত কোনো পৰিচয় পত্ৰ অবিহনে নামভৰ্তি কৰিব লাগে বুলিও আদালতে কয়। ইয়াৰ উপৰিও যদি কোনো ভুক্তভোগীক শাৰীৰিক-মনোবৈজ্ঞানিক চিকিৎসা, পৰামৰ্শৰ প্ৰয়োজন হয়, তেন্তে চিকিৎসালয়সমূহেও তাৰ বাবে সেৱা আগবঢ়াব লাগে।

দিল্লী উচ্চ ন্যায়ালয়ে এই নিৰ্দেশ দিয়া গোচৰটোত ১৬ বছৰীয়া যুৱতীগৰাকীয়ে চিকিৎসাৰ বাবে বহু সময় অপেক্ষা কৰিবলগীয়া হৈছিল। আদালতে এই ঘটনাৰ পুনৰাবৃত্তি কৰিব নিবিচাৰে। তাৰ বাবেই চিকিৎসালয়সমূহক কঠোৰ নিৰ্দেশনা দিয়া হৈছে। মুঠতে দিল্লী উচ্চ ন্যায়ালয়ে মুঠ ১৬টা গাইডলাইন প্ৰস্তুত কৰিছে।

Related News