Cristiano Ronaldo: আমেৰিকাৰ মডেলক ধৰ্ষণৰ গোচৰৰ পৰা মুক্তি দিয়া হৈছে ৰোনাল্ডোক

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন মডেল কেথেৰিন মেয়ৰ্গাই ২০০৯ চনৰ এটা ঘটনাক কেন্দ্ৰ কৰি ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছিল। 

ন্যায়াধীশ জেনিফাৰ ডৰ্চে এই গোচৰটো খাৰিজ কৰিছে। শুকুৰবাৰে ৰোনাল্ডোক ধৰ্ষণৰ গোচৰটোৰ পৰা মুক্তি দিয়া হয়। এতিয়া কেথেৰিন মেয়ৰ্গা নামৰ এগৰাকী মহিলাগৰাকীয়ে বিচাৰিলেও পুনৰ আৰু গোচৰ ৰুজু কৰিব নোৱাৰে।

লগতে পঢ়ক: Lovlina Borgohain: সম্বৰ্দ্ধনা, অভ্যৰ্থনা আদিয়ে মনোযোগ ব্যাহত কৰিছিল; সাংবাদিকৰ আগত লাভলিনাৰ স্বীকাৰোক্তি

ন্যায়াধীশ জেনিফাৰ ডৰ্চে তেওঁৰ ৪২ পৃষ্ঠাৰ ৰায়ত কয় যে গোচৰটো আৰু পুনৰ ৰুজু কৰিব নোৱাৰি। তদুপৰি, কেথেৰিনৰ অধিবক্তা লেজেল মাৰ্ক ষ্টভালে ৰোনাল্ডোৰ সৈতে কৰা তেওঁৰ বেয়া আচৰণৰ বাবে শাস্তিৰ সন্মুখীন হ’ব। ন্যায়াধীশে এইটোও উল্লেখ কৰে যে আদালতত দাঙি ধৰা বেছিভাগ কাগজ-পত্ৰই নকল আছিল।

২০০৯ চনত ৰোনাল্ডো লাছ ভেগাছৰ এখন হোটেলত কেথেৰিনৰ সৈতে ঘনিষ্ঠ হয় আৰু অৱশেষত শাৰীৰিক সম্পৰ্কত মিলিত হয়। কিন্তু পিছৰ বছৰত কেথেৰিনে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰে। তেওঁ আনকি গোচৰৰ ভাবুকি দিয়ে।

তাৰ পিছত ৰোনাল্ডোৱে কেথেৰিনক শান্ত ৰাখিবলৈ প্ৰায় ৪ লাখ ডলাৰ পৰিশোধ কৰে। দুয়ো পক্ষৰ মাজৰ এই বিবাদ সেইবাৰ আদালতৰ বাহিৰত নিষ্পত্তি কৰা হৈছিল। কিন্তু কেথেৰিনে পিছত এই বিষয়ে পুনৰ অভিযোগ কৰে। তেওঁৰ অনুৰোধৰ ওপৰত ভিত্তি কৰি বিষয়টোৰ ২০১৮ৰ আগষ্টত পুনৰ আইনী তদন্ত  আৰম্ভ হয়।

লগতে পঢ়ক: Prathyusha Garimella: ফেশ্বন ডিজাইনাৰ প্ৰত্যুষা গাৰিমেল্লাৰ ৰহস্যজনক মৃত্যু! হতাশাত ভুগি থকাৰ দাবী ঘনিষ্ঠৰ

কেথেৰিনৰ অভিযোগৰ বিপৰীতে ৰোনাল্ডোৰ আইনী সাহায্যকাৰী দলটোৱে আৰম্ভণিৰে পৰা কৈ আহিছিল যে দুয়োজনৰ মাজত হোৱা সকলোবোৰ পাৰস্পৰিক সন্মতিত হৈছিল। গতিকে এই গোচৰটোৰ কোনো ভিত্তি নাই আৰু ৰোনাল্ডোক বিনা কাৰণে হাৰাশাস্তি কৰা হৈছে। অৱশেষত সেইটোৱে প্ৰমানিত হ’ল।