ধৰ্ষণৰ গোচৰ ৰুজু হ’ল ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে

Rajen-Gohain-570x320

এইবাৰ যৌন কেলেংকাৰিত সাঙোৰ খালে কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ নাম। নগাওঁ সদৰ থানাত যোৱা ২ আগষ্টত নগাওঁ জিলাৰ দেউৰী গাৱঁৰ এগৰাকী ২৬ বছৰীয়া মহিলাই ৬৮ বছৰীয়া মন্ত্ৰীজনৰ বিৰুদ্ধে তেওঁক মন্ত্ৰীজনে ধৰ্ষণ কৰা বুলি এই গোচৰটো ৰুজু কৰিছে। ইমান দিনে কথাটো গোপনে ৰখা হৈছিল যদিও নগাওঁ আৰক্ষীয়ে এই কথা আজি নিশ্চিত কৰিছে।

“এগৰাকী মহিলাৰ অভিযোগৰ ভিত্তিত মন্ত্ৰীজনৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰা হৈছে। আমি বিষয়টো তদন্ত কৰি আছো।” নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিয়ে নৰ্থ-ইষ্ট নাওক কয়।

আৰক্ষীৰ সূত্ৰটোৱে জনোৱামতে, বিজেপিৰ পুৰণি নেতা হিচাপে দলত বিশেষ স্থান থকা তথা নগাওঁ লোকসভা সমষ্টিৰ পৰা ৪ বাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা মন্ত্ৰীজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪১৭, ৩৭৬ আৰু ৫০৬ ধাৰাৰ অধীনত 2592/18 ৰ নম্বৰত গোচৰ ৰুজু হৈছে। আৰক্ষীয়ে জনোৱামতে, অভিযোগকাৰী মহিলাগৰাকীৰ ভাষ্য ইতিমধ্যে লিপিবদ্ধ কৰা হৈছে। অভিযুক্ত মন্ত্ৰীজনকো অচিৰেই জেৰা চলোৱাৰ সম্ভাৱনা আছে।

প্ৰসংগটোত মত ল’বৰ বাবে মন্ত্ৰীজনৰ সৈতে নৰ্থ-ইষ্ট নাওৰ তৰফৰ পৰা যোগাযোগৰ চেষ্টা কৰা হৈছিল যদিও মন্ত্ৰীজনে ফোনটো নধৰিল। আনহাতে তেওঁৰ পত্নী ৰীতা গোহাঁয়ে তেওঁ স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ কথা শুনিছে যদিও একো মত দিব নুখুজিলে।

ইফালে নগাওঁ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে মন্ত্ৰীজনৰ বিৰুদ্ধে এয়া এক ৰাজনৈতিক ষড়যন্ত্ৰ। ৰাজনৈতিক ষড়যন্ত্ৰৰ বাবেই এই গোচৰ দিওৱা হৈছে বুলি বিধায়কজনে দাবী কৰে।

তাৎপৰ্য্যপূৰ্ণভাৱে এই ঘটনাৰ সমান্তৰালভাৱে ছ’চিয়েল মিডিয়াত এখন ফটো ভাইৰেল হৈছে, য’ত এজন লোকে এগৰাকী মহিলাক বল প্ৰয়োগৰ চেষ্টা কৰা দেখা গৈছে। ফটোখনৰ এই লোকজন মন্ত্ৰী ৰাজেন গোহাঁই আৰু মহিলাগৰাকীক অভিযোগকাৰী মহিলাগৰাকী বুলি ছ’চিয়েল মিডিয়াত চৰ্চা হোৱা দেখা গৈছে।

মন কৰিব লগীয়া যে কেন্দ্ৰ আৰু ৰাজ্যত শাসনত থকা বিজেপি দলটোৰ ইজনৰ পিছত সিজন বিধায়ক-সাংসদৰ নাম সাঙোৰ খাইছে যৌন কেলেংকাৰিত। মৰিগাওঁ সমষ্টিৰ বিজেপিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ যৌন কেলেংকাৰিয়ে তোলপাৰ লগোৱাৰ লগতে ডিব্ৰুগড়, তিনিচুকীয়া আদি ঠাইৰ নেতাৰ বিৰুদ্ধেও উঠিছিল যৌন কেলেংকাৰিৰ অভিযোগ।

প্ৰতিক্ৰিয়া :

কৃষক মুক্তিৰ নেতা অখিল গগৈ :

মন্ত্ৰীজনৰ বিৰুদ্ধে যিহেতু ধৰ্ষণৰ দৰে গুৰুতৰ অভিযোগ উঠিছে, সত্যাসত্য নিৰ্ণয় নোহোৱা পৰ্য্যন্ত তেওঁ পদত্যাগ কৰিব লাগে।

বিৰোধী দলপতি দেৱব্ৰত শইকীয়া :

বিজেপিৰ নেতাসকলৰ বাবে এইটো একো অস্বাভাৱিক নহয়। তেওঁলোকৰ পৰা ইয়াতকৈ আৰু কি আশা কৰিব পাৰি? যিহেতু পূৰ্বেও ডিব্ৰুগড়, তিনিচুকীয়া, মৰিগাওঁ আদিত দলটোৰ একাধিকজন নেতাৰ বিৰুদ্ধে এনে অভিযোগ উঠিছে।