NORTHEAST NOW (Assamese)

মানি লোৱা নহ’ব দীৰ্ঘদিন যৌন সম্পৰ্কৰ অন্তত দিয়া ধৰ্ষণৰ গোচৰ : উচ্চতম ন্যায়ালয়

March 6, 2025 8:22 am · এন ই নাও নিউজ, গুৱাহাটী

দীৰ্ঘদিন ধৰি যৌন সম্পৰ্কৰ অন্তত যদি কোনো মহিলাই ধৰ্ষণৰ অভিযোগ উত্থাপন কৰে তেন্তে সেয়া মানি লোৱা নহ’ব। শেহতীয়াকৈ এটা গোচৰৰ শুনানিত এই ৰায় দিছে উচ্চতম ন্যায়ালয়ে।

উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ যে এই ক্ষেত্ৰত বিবাহৰ প্ৰতিশ্ৰুতি দি সহবাসৰ কথা বিবেচনা কৰা নহ’ব।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি লিভ ইন পাৰ্টনাৰৰ সৈতে বাস কৰা বেংকৰ এজন বিষয়াৰ পৰা এই গোচৰৰ উৎপত্তি হৈছে। অভিযোগ অনুসৰি বেংক বিষয়া গৰাকীয়ে মহিলাগৰাকীক বিয়া কৰাম বুলি প্ৰতিশ্ৰুতি দি বছৰ বছৰ ধৰি মহিলাগৰাকীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছিল।

মহিলাগৰাকীয়ে ন্যায়াধীশ বিক্ৰম নাথ আৰু সন্দীপ মেহতাৰ বিচাৰপীঠৰ সন্মুখত অভিযোগ উত্থাপন কৰিছিল যে বিষয়াগৰাকীয়ে বিয়াৰ প্ৰতিশ্ৰুতিৰে তেওঁৰ সৈতে ১৬ বছৰ ধৰি যৌন সম্পৰ্ক স্থাপন কৰিছিল।

দুয়োপক্ষৰ যুক্তি শুনি আদালতে ৰায় দিয়ে যে, “বিবাহৰ প্ৰতিশ্ৰুতিৰে ১৬ বছৰ ধৰি সহবাস কৰাৰ পিছত এই কথা মানি ল’ব নোৱাৰি।” লগতে আদালতে এইটোও কয় যে ই মিছা প্ৰতিশ্ৰুতি হ’লেও ১৬ বছৰ বহু সময়। গতিকে এই ধৰ্ষণৰ অভিযোগ মানি লোৱা নহ’ব।

Related News