বিধায়ক আবুল কালাম আজাদৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ : ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা বিধায়কগৰাকীৰ

IMG_20181208_112308

ভবানীপুৰ সমষ্টিৰ বিধায়ক আবুল কালাম আজাদৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

বিগত কিছুদিন ধৰি একাংশ সংবাদ মাধ্যমত সম্প্ৰচাৰিত হোৱা এটি বাতৰিয়ে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ভৱানীপুৰত। ভৱানীপুৰ বিধান সভা সমষ্টিৰ এ আই য়ু ডি এফৰ বিধায়ক আবুল কালাম আজাদৰ বিৰুদ্ধে এগৰাকী মহিলাই ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰি ভৱানীপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। মহিলা গৰাকীৰ মতে ভৱানীপুৰ সমষ্টিৰ বিধায়কে প্ৰায় এবছৰ আগতে মহিলা গাৰাকীক ধৰ্ষণ কৰিছিল।

উল্লেখ্য যে মহিলা গৰাকীৰ তৃতীয় স্বামী ময়নুল হক আৰু মহিলা গৰাকীয়ে একাংশ কংগ্ৰেছী নেতাক  লগত লৈ বিধায়কগৰাকীৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্র চলোৱাৰ অভিযোগ আনিছে বিধায়ক আজাদে। জানিব পৰা মতে, একাংশ কংগ্ৰেছী নেতাক লগত লৈ যোৱা ২৭ নৱেম্বৰত মহিলাগৰাকীয়ে ভৱানীপুৰ আৰক্ষী চকীত ধৰ্ষণৰ গোচৰ তৰিছিল।

এই সংক্ৰান্তত বিধায়ক আবুল কালাম আজাদে শনিবাৰে শুকমানাহ বজাৰত এক সংবাদ মেলৰ আয়োজন কৰে । উক্ত সংবাদ মেলত বিধায়ক গৰাকীয়ে কয় যে উক্ত গোচৰ সম্পূৰ্ণ মিছা আৰু ই এক ৰাজনৈতিক ষড়যন্ত্ৰ।

আনহাতে, মহিলা গৰাকীয়ে তেওঁৰ কণ কণ তিনিজনী কন্যা সন্তানক দ্বিতীয় স্বামীৰ ওচৰত এৰি থৈ আহি তৃতীয় স্বামী ময়নুল হকৰ লগত বিয়া হোৱাটো বেয়া কাম বুলি কোৱাৰ বাবেই মহিলা গৰাকীয়ে বিধায়কগৰাকীৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ দিয়া বুলি জনায়।

তদুপৰি, বিধায়ক কালামক সমষ্টিবাসী হিন্দু -মুছলমান সকলো ৰাইজে ভাল পায় আৰু সেয়ে তেওঁক ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা আঁতৰত ৰখাৰ বাবে এনে কূট কৌশল ৰচনা কৰাৰ কথা উল্লেখ কৰি এনে অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি দাবী কৰে বিধায়ক আজাদে।

এয়া এক উদ্দেশ্য প্ৰণোদিত ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিহিত কৰি উক্ত মহিলা গৰাকীৰ প্ৰৰোচনামূলক কূট কৌশলত ভোল নাযাবলৈ বিধায়ক কালামে ৰাইজক সাংবাদ মেলযোগে আহ্বান জনায়।