নগাঁৱৰ ধৰ্ষণ: হোজাইত আৰক্ষীৰ জালত ধৰ্ষিতাৰ পলাতক ‘বন্ধু’ ৰাজেশ ধৰ

ধৃত ৰাজেশ ধৰ

নগাঁৱৰ আমনিত মঙলবাৰে নিশা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ পিছতে নোহোৱা হোৱা ৰাজেশ ধৰ নামৰ যুৱকজনক বুধবাৰে হোজাইত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

নগাওঁ আৰু হোজাই আৰক্ষীয়ে গোপন সূত্ৰৰ আধাৰত হোজাইৰ ৰামপুৰ বস্তিত বৃ্হস্পতিবাৰে আবেলি ৩.৩০ বজাত আটক কৰা যুৱকজনক বৰ্তমান চামগুৰি থানালৈ জেৰাৰ বাবে হোজাইৰ পৰা অনা হৈছে।

ভালুকমাৰীৰ পৰা হোজাইৰ এই ৰাজেশ ধৰ নামৰ যুৱকজনৰ বাইকত হোজাইলৈ বুলি গৈ থকা অৱস্থাতে আমনিত মহিলাগৰাকীক এখন এল্ট’ গাড়ীত অহা ৪জন দুৰ্বৃত্তই আগচি ধৰি উঠাই নি দলবদ্ধভাৱে  বলাৎকাৰ কৰা বুলি মহিলাগৰাকীয়ে অভিযোগ কৰিছিল।

লগতে পঢ়ক ধৰ্ষণৰ বাতৰিটোৰ সবিশেষ কিদৰে ৰাতিৰ ট্ৰাকে আৰক্ষীক গতাইছিল ধৰ্ষিতাক?

ঘটনাটোৰ পিছৰে পৰা আত্মগোপন কৰা বাবে ৰাজেশ ধৰকো ঘটনাটোৰ সৈতে জৰিত থাকিব পাৰে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।

মহিলাগৰাকীয়ে চামগুৰি আৰক্ষীক জনোৱা মতে মহিলা গৰাকীৰ ঘৰ হোজাইত আৰু হোজাইতে এখন ধাবাৰ কৰ্মচাৰী আছিল।