কোকৰাঝাৰত ধৰ্ষণ, হত্যাৰ চেষ্টা চলোৱাত অভিযুক্ত সম্ভু বসুমতাৰীক আটক

ধৰ্ষণ আৰু হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত অভিযুক্ত তথা ধৰ্ষণকাৰী সম্ভু বসুমতাৰীক আজি উত্তৰ কোকৰাঝাৰৰ আউদাং বজাৰৰ স্থানীয় ৰাইজে কৰায়ত্ত কৰি পিছত আৰক্ষীক চমজাই দিয়ে।
অভিযুক্ত বসুমতাৰীয়ে দুমাহৰ পূৰ্বতে এগৰাকী উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীক ধৰ্ষণৰ লগতে হত্যাৰ চেষ্টা চলাইছিল। আৰু তাৰ পিছৰে পৰা বসুমতাৰী পলাতক অৱস্থাত আছিল।
ইফালে ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে ৫ আগষ্টত পাটগাঁও আউটপোষ্টত সম্ভু বসুমতাৰীৰ বিৰুদ্ধে বসুমতাৰীয়ে ছাত্ৰী গৰাকীক অপহৰণ, ধৰ্ষণ আৰু হত্যাৰ চেষ্টা চলোৱা বুলি এজাহাৰ দাখিল কৰিছিল।
আৰু আৰক্ষীয়ে ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে দাখিল কৰা এজাহাৰৰ ওপৰত ভিত্তি কৰি ৩৬৬, ৩৪২, ৩৭৬, ৩২৫, ৪৪৭ ধাৰাৰ অধীনত ৫১/২০১৮ নম্বৰত বসুমতাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।
কোকৰাঝাৰ জিলাৰ পাটগাঁও আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেন্দৰ সিঙে জনোৱা অনুসৰি সম্ভু বসুমতাৰীয়ে ছাত্ৰী গৰাকীক ধৰ্ষণ কৰি পিছত আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল। আৰু তাৰ পিছৰে পৰা পলাই আছিল।
তাৰ পিছৰে পৰা বসুমতাৰীক আটক কৰাৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল যদিও বসুমতাৰী পলাতক অৱস্থাত আছিল।
অৱশ্যে আজি পলাতক অৱস্থাত থকা বসুমতাৰীক আউদাং বজাৰৰ স্থানীয় ৰাইজে কৰায়ত্ত কৰি পিছত আৰক্ষীক চমজাই দিয়ে।
আটকাধীন সম্ভু বসুমতাৰীয়ে আজি আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি মতে ছাত্ৰী গৰাকীৰ লগত মোবাইলত ৰং নাম্বাৰ লাগি প্ৰথম অৱস্থাত চিনাকী হৈছিল আৰু ৪ অক্টোবৰত প্ৰথমবাৰৰ বাবে ছাত্ৰী গৰাকীক বসুমাতৰীয় লগ কৰিছিল। আৰু সেইদিনাই ছাত্ৰী গৰাকীক বসুমতাৰীয়ে আফালাগঁৱৰ ৭ নম্বৰৰ বাসগৃহলৈ লৈ গৈছিল।
ইফালে ভুক্তভোগী ছাত্ৰী গৰাকী বঙাইগাঁও হস্পিতালৰ আই চি ইউত ভৰ্তি হৈ থকা বুলি জানিব পৰা গৈছে।