NORTHEAST NOW (Assamese)

কলিয়াবৰৰ শিলঘাটত বিৰল প্ৰজাতিৰ প্ৰকাণ্ড গ্ৰীণ ক্ৰেট সাপ উদ্ধাৰ

June 22, 2019 10:16 am · ৰিদিপ শৰ্মা

শুকুৰবাৰে নিশা কলিয়াবৰৰ শিলঘাটত বিৰল প্ৰজাতিৰ এডাল প্ৰকাণ্ড গ্ৰীণ ক্ৰেট সাপ উদ্ধাৰ হয়। শিলঘাট টাউনৰ সন্তোষ বৰা নামৰ লোক এজনৰ বাসগৃহৰ এজোপা গছত পৰিয়ালৰ লোকে প্ৰকাণ্ড সাপডাল বিচৰণ কৰি থকা দেখা পোৱাৰ পিছতে সাপডাল চাবলৈ অঞ্চলটোৰ ৰাইজে তেওঁৰ ঘৰত ভিৰ কৰেহি।

পিছত ৰাইজে কলিয়াবৰৰ শিলঘাটৰ প্ৰকৃতিপ্ৰেমী যুৱক তথা ‘সৰ্প মানৱ’ সঞ্জীৱ ডেকাক সাপ ওলোৱা খবৰ দিয়াত তেওঁ ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত সাপডালক উদ্ধাৰ কৰে। প্ৰায় ৫ফুট দীঘল এই গ্ৰীণ ক্ৰেট  সাপডাল উদ্ধাৰ কৰি সঞ্জীৱ ডেকাই কলিয়াবৰৰ শিলঘাট কামাখ্যা পাহাৰত বন বিভাগৰ সহযোগত ইয়াক মুকলি কৰি দিয়ে।

উল্লেখযোগ্য যে ‘সৰ্প মানৱ’ হিচাপে অঞ্চলটোত সঞ্জীৱ ডেকাই এতিয়ালৈকে প্ৰায় ১৭০ ডাল অজগৰ সাপ আৰু অন্যান্য ২৮০ ৰো অধিক সাপ উদ্ধাৰ কৰি কলিয়াবৰবাসী ৰাইজক বিপদৰ পৰা বচাই আহিছে।

Related News