NORTHEAST NOW (Assamese)

এইখন অসমতে কন্যা শিশুৰ সন্মানাৰ্থে চলি আহিছে বিৰল পৰম্পৰা

September 24, 2018 12:50 pm · পাৰ্শ্বজ্যোতি গগৈ
Updated: September 24, 2018 12:51 pm

যি সময়ত উত্তৰ ভাৰতৰ বিভিন্ন ৰাজ্যত কন্যা শিশুৰ ভ্ৰুণ হত্যাৰ বাবে কেন্দ্ৰ চৰকাৰে আইন প্ৰণয়ন কৰিছে সেই সময়তে শিৱসাগৰ জিলাৰ নামতি অঞ্চলত বছৰ বছৰ ধৰি চলি আহিছে এক বিৰল পৰম্পৰা।

উল্লেখযোগ্য যে এই অঞ্চলত কন্যা শিশু জন্ম হ’লেই উক্ত পৰিয়ালটোৱে পৰম্পৰাগতভাৱে ৰোপণ কৰে ১০০ জোপা সাঁচী গছৰ পুলি।

শিৱসাগৰ জিলাত নামতি অঞ্চলত কন্যা শিশুৰ সন্মানাৰ্থে লোৱা এই পদক্ষেপ সমগ্ৰ অসমৰ বাবে এক আদৰ্শ হৈ পৰিছে। অঞ্চলটোত কন্যা শিশুৰ জন্ম হলেই সেই নিৰ্দিষ্ট পৰিয়ালটোৱে পৰমপৰাগত ভাৱে, ৰোপণ কৰে  ১০০ জোপাকৈ মূল্যৱান সাঁচী গছৰ পুলি। সময়ত এই মূল্যৱান সাঁচী গছ বিক্ৰী কৰি আহৰণ কৰা ধনেৰে কন্যা শিশুটিক উচ্চ শিক্ষা দিয়াৰ লগতে বিবাহৰ সময়টো খৰচ কৰে।

এইয়া যেন প্ৰধান মন্ত্ৰীৰ “বেটী বচাও বেটী পঢ়াও” শ্লগানক বাস্তৱ ৰূপ দিবলৈ শিৱসাগৰৰ নামতিবাসীৰ এক সামান্য প্ৰয়াস। এই প্ৰয়াসে ছোৱালীজনীৰ ভৱিষ্যৎ নিৰাপত্তা তথা সুৰক্ষা দিয়াৰ লগতে উচ্চ শিক্ষা আহৰণত যথেষ্ট সহায় কৰিব পৰিয়ালটোক।

কোনো নিয়ম নাথাকিলেও, বৰ্তমান ই এক নিয়মত পৰিণত হৈছে বৃহত্তৰ নামতি অঞ্চলত। এই কাৰ্য্যৰ জৰিয়তে ছোৱালীৰ আৰ্থিক সুৰক্ষাৰ লগতে পৰিয়ালৰ উপৰিও দেশৰ অৰ্থনৈতিক ভেটি টনকীয়াল কৰাৰ লগতে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰাৰ কাৰণে এই মহৎ কাম কৰি সমগ্ৰ বিশ্ববাসীৰ ওচৰত উদাহৰণ দাঙি ধৰিছে।

Related News