ৰশ্মিকা মন্দানাৰ অনুৰাগীৰ বাবে এটা বেয়া খবৰ! দক্ষিণৰ এই অভিনেত্ৰীগৰাকীয়ে বৰ্তমান সফলতাৰ শিখৰত উপনীত হৈছে। তেওঁ ‘এনিমেল’ আৰু ‘পুষ্পা ২’ৰ দৰে বেক-টু-বেক ব্লকবাষ্টাৰ ছবি আগবঢ়াইছে। বলীউডৰ চিনেমাত ৰণবীৰ কাপুৰৰ পিছত এইবাৰ তেওঁৰ নায়ক ছলমান খান। ‘ছিকন্দৰ’ চিনেমাৰ শ্বুটিঙত ব্যস্ত আছিল ৰশ্মিকা।
অৱশ্যে শেহতীয়াকৈ সংঘটিত হৈছে এক দুৰ্ঘটনা। সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি শেহতীয়াকৈ জিমত ৰশ্মিকা আঘাতপ্ৰাপ্ত হয়। সেয়ে, ডাক্তৰৰ পৰামৰ্শ মতে তেওঁ এতিয়া জিৰণি লৈছে। লাহে লাহে সুস্থ হৈ উঠিছে অভিনেত্ৰীগৰাকী।
জানিব পৰা মতে, ৰশ্মিকাই ছলমান খানৰ সৈতে ছিকন্দৰৰ শ্বুটিং কৰি আছিল। শ্বুটিং সূচীৰ মাজতে জিমত ৱৰ্কআউট কৰি থাকোঁতে তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। তেওঁ সম্পূৰ্ণ সুস্থ নোহোৱালৈকে সকলো শ্বুটিং বন্ধ কৰিবলৈ পৰামৰ্শ দিছে চিকিৎসকে। ৰশ্মিকাইও সেয়া অনুসৰণ কৰিছে। চিকিৎসকে ক্লিয়াৰেন্স দিয়াৰ পিছত পুনৰ কামত নামিব অভিনেত্ৰীগৰাকী।
ছিকন্দৰ চিনেমাখনৰ পৰিচালনা কৰিছে এ আৰ মুৰুগাডোছে। ছলমান আৰু ৰশ্মিকাৰ উপৰিও ছবিখনত অভিনয় কৰিছে কাজল আগৰৱাল, সত্যৰাজ, শৰমান যোশী, প্ৰতীক বব্বৰকে ধৰি বহুকেইজনে। ৪০০ কোটি টকাৰ বাজেটত নিৰ্মাণ কৰা হৈছে ছিকন্দৰ। অহা ৩০ মাৰ্চত, ঈদ উপলক্ষে মুক্তি পাব ছবিখন।
ছিকন্দৰৰ শ্বুটিং সম্পূৰ্ণ কৰি ৰশ্মিকাই তেলেগু ছবি ‘দ্য গাৰ্লফ্ৰেণ্ড’ৰ শ্বুটিঙত যোগদান কৰাৰ কথা। যোৱা মাহত মুক্তি পাইছিল চিনেমাখনৰ টিজাৰ। ইয়াত ৰশ্মিকাৰ উপস্থিতিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।