ক’ভিডৰ বাবে মহাৰাসৰ পৰিৱৰ্তে পুৰণিগুদামত অনুষ্টুপীয়াকৈ প্ৰদৰ্শন মহাপুৰুষীয়া অংকীয়া নাট

ফটো : নৰ্থ-ইষ্ট নাও

শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস উৎসৱক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যৰ ভক্তপ্ৰাণ ৰাইজৰ মাজত অব্যাহত আছে পাৰ ভঙা উচাহ-উদ্দীপনা।

শেহতীয়াকৈ ৰাজ্যত ক’ৰ’নাৰ সংক্ৰমণ কিছু পৰিমাণে শাম কাটিছে যদিও চৰকাৰী নীতি-নিৰ্দেশনা ৰক্ষা কৰি ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলত শ্ৰীশ্ৰীকৃষ্ণৰ মহাৰাস উদযাপন কৰা হৈছে।

সেয়ে এইবছৰ পৰম্পৰা ৰক্ষা কৰি কেৱল মাত্ৰ অনুষ্টুপীয়াকৈ এখন ভাওনা প্ৰদৰ্শন কৰিয়েই সমাৰি থৈছে ভগৱান শ্ৰীকৃষ্ণৰ ৰাসক্ৰীড়াৰ গুণানুকীৰ্তনৰ পৌৰাণিক ৰীতি।

সমান্তৰাল ভাৱে নগাঁও জিলাৰ পুৰণিগুদামত একাংশ শিশুৰ সহযোগত এইবছৰ ৰাসৰ বিপৰীতে প্ৰশাসনৰ অনুমতি লৈ অনুষ্টুপীয়াকৈ প্ৰদৰ্শন কৰিলে এখনি মহাপুৰুষীয়া অংকীয়া ভাওনা।

পুৰণিগুদামৰ বৰপানীগাঁওস্থিত ৰংদাইচুকৰ বৰনামঘত নিশা অনুষ্টুপীয়াকৈ প্ৰদৰ্শিত “পাৰিজাত হৰণ” নামৰ নাটক খনৰ সমূহ চৰিত্ৰতে নিখুটভাৱে অভিনয় কৰিছিল বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ৩০ গৰাকীকৈ শিশুয়ে।

বিগত প্ৰায় ২-৩ মাহ ধৰি সম্পূৰ্ণ চৰকাৰী ক’ভিড প্ৰট’কল ৰক্ষা কৰি এই শিশুসকলক নিজৰ ঘৰতে প্ৰশিক্ষণ প্ৰদান কৰি আহিছিল শংকৰী কলা-সংস্কৃতিৰ সাধক বাপ অনিত্য ভূঞায়ে।

লক্ষণীয় কথাটো হ’ল যে, তাৰে মাজত আছিল বহু কেইজন কাৰ্বি সম্প্ৰদায়ৰো শিশু। যাক কেন্দ্ৰ কৰি মঙ্গলবাৰে সন্ধিয়া প্ৰায় ৬-৩০ বজাৰ পৰা আৰম্ভ নাট খন নিশা যৱণিকা পৰা পৰ্য্যন্ত অত্যাধিক উৎকণ্ঠাৰে উপভোগ কৰিছিল সমবেত বহু সংখ্যক স্থানীয় ৰাইজে।

উল্লেখ্য যে, গাওঁখনত প্ৰতি বছৰে পৰম্পৰাগত ভাৱে শ্ৰীশ্ৰীকৃষ্ণৰ মহাৰাস উৎসৱ উদযাপন কৰি আহিছিল যদিও এই বছৰ ক’ৰ’নাৰ মহাসংক্ৰমণৰ বাবেই এদৰে অনুষ্টুপীয়াকৈ আয়োজন কৰে।

ভৱিষ্যতৰ দিনবোৰতো গৌৰৱ উজ্জ্বল অসমীয়া জাতিৰ যাউতিযুগীয়া কৃষ্টি-সংস্কৃতি, শান্তি-সমৃদ্ধি-ভাতৃত্ববোধ অটুট ৰখাৰ মানসেৰে মহাপ্ৰভু শ্ৰীকৃষ্ণৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে বৃহত্তৰ অঞ্চলটোৰ নৱপ্ৰজন্মক এখোজ আগবঢ়াই নিয়াৰ বাবে এইয়া অতি প্ৰয়োজনীয় আৰু এক নিৰন্তৰ প্ৰক্ৰিয়াৰ এটি মাত্ৰ ক্ষুদ্ৰ প্ৰয়াসহে বুলি সংবাদ মাধ্যমৰ সন্মুখত জানিবলৈ দিয়ে অনুষ্ঠানটিৰ গুৰিধৰোতা জ্যেষ্ঠ ভকত বাপ সকলে।