বঙাইগাঁৱত দ্বিতীয় ৰাষ্ট্ৰীয় আদালত ,৭০৩ টা বিচাৰাধীন গোচৰৰ ভিতৰত ১৭৪ টা নিষ্পত্তি

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশনাত বঙাইগাঁৱত দ্বিতীয় ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়৷ উক্ত লোক আদালত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য বিচাৰপতি তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যকৰী সভাপতি এন কোটিশ্বৰ সিঙে পৰিদৰ্শন কৰে ৷

পৰিদৰ্শন কালত তেখেতে লোক আদালতত অংশ গ্ৰহণ কৰা গোচৰৰ পক্ষদ্বয় তথা বেংক, এপিডিছিএল, বিএছএনএল, বীমা কোম্পানীৰ বিষয়ববীয়াসকলক লোক আদালতৰ তাৎপৰ্যৰ বিষয়ে সচেতন কৰে আৰু সকলোক আপোচ মীমাংসাৰ মাধ্যমেৰে গোচৰ নিস্পত্তিৰ বাবে আগ্ৰহী হ’বলৈ আহ্বান জনায়৷পৰিদৰ্শন কালত তেখেতে লোক আদাতত অংশ লোৱা আইন মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰ লগত বাৰ্তালাপ কৰি লোক আদালৰ তাৎপৰ্য বুজায়৷ পৰিদৰ্শন কালত বঙাইগাঁও জিলাৰ উপায়ুক্ত নৱদ্বীপ পাঠক, জিলা আৰক্ষীৰ উৰ্ধতম বিষয়া আৰু অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ সদস্য সম্পাদক নয়ন শংকৰ বৰুৱা উপস্থিত আছিল৷

উক্ত লোক আদালতত মটৰ দুৰ্ঘটনা ক্ষতিপূৰণ গোচৰ,আইনত মীমাংসা হ’ব পৰা ফৌজদাৰী গোচৰ, চেক বাউন্স জনিত অপৰাধ গোচৰ, ট্ৰেফিক চালান গোচৰ, গাৰ্হস্থ্য হিংসা জনিত গোচৰ, বেংকৰ বকেয়া আদায় জনিত গোচৰ,এপিডিছিএল আৰু বিএছএনএলৰ বকেয়া আদায় জনিত গোচৰ নিস্পত্তিৰ বাবে হাতত লোৱা হৈছিল৷ লোক আদাতত ভৱিষ্যতে দাখিল হোৱাৰ সম্ভাৱনা থকা ২৪৭৩ টা (বেংক,এপিডিছিএল,বিএছএনএল) গোচৰ হাতত লোৱা হৈছিল৷

ইয়াৰে ভিতৰত ৯৪ টা গোচৰ নিস্পত্তি কৰা হয় আৰু ২৭,৯৪,৯৩৬ টকা আদায় হৈছে ৷ আনহাতে ৭০৩ টা বিচৰাধীন গোচৰ নিষ্পত্তিৰ বাবে লোৱা হৈছিল আৰু তাৰ ভিতৰত ১৭৪ টা গোচৰ নিষ্পত্তি হৈছে আৰু ৩,২১,৬১,১০০ টকা আদায় হৈছে ৷

ইপিনে এইদৰে বৃহৎ পৰিমাণৰ গোচৰ নিষ্পত্তি হোৱাত আৰু বৃহৎ ৰাশিৰ ধন আদায় হোৱাত জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব তৰুণ দেই সন্তুষ্টি প্ৰকাশ কৰিছে ৷