NORTHEAST NOW (Assamese)

ছচিয়েল মিডিয়াত ভাৰত ৰত্নৰ দাবী! এনে প্ৰচাৰ বন্ধ কৰাৰ আহ্বান ‘ভাৰতীয় হিচাপে গৰ্বিত’ ৰতন টাটাৰ

February 7, 2021 8:31 am · এন ই নাও নিউজ
প্ৰসিদ্ধ উদ্যোগপতি ৰতন টাটা।

দেশৰ প্ৰসিদ্ধ উদ্যোগপতি ৰতন টাটাক ভাৰত ৰত্ন দিয়া নহয় কিয়? যোৱা কিছুদিন ধৰি এই প্ৰশ্নই ব্যাপক চৰ্চা লাভ কৰিছিল টুইটাৰত।

কিন্তু এই প্ৰচাৰ শীঘ্ৰেই বন্ধ কৰাৰ বাবে নেটিজেনসকলক আহ্বান জনাইছে স্বয়ং ৰতন টাটাই।

তেওঁ কয় যে ‘ভাৰতীয় হিচাপে মই গৰ্বিত। ভাৰতৰ উন্নয়নত অংশ ল’বলৈ পাই অত্যন্ত আনন্দিত।‘

বৰ্তমান ৮৩বৰ্ষীয় এই উদ্যোগপতি গৰাকী দেশৰ যুৱ প্ৰজন্মৰ বাবে এগৰাকী ৰোল মডেল। কৰ্মসংস্থাপনৰ উপৰি দেশৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পত তেওঁৰ অৱদান অতুলনীয়।

কিন্তু এই উদ্যোগপতিগৰাকীক কিয় ভাৰত চৰকাৰে ‘ভাৰত ৰত্ন’ সন্মানেৰে সন্মানিত কৰা নাই তাক লৈয়ে একাংশ নেটিজেনে প্ৰশ্ন উত্থাপন কৰিছিল। একাংশ নেটিজেনে ৰতন টাটাক ভাৰত ৰত্ন দিয়াৰ দাবীত টুইটাৰত প্ৰচাৰো চলাইছিল।

নেটিজেনসকলে ৰতন টাটাক ভাৰত ৰত্নৰে সন্মানিত কৰিবলৈ ভাৰত চৰকাৰক দাবী জনাই প্ৰসিদ্ধ উদ্যোগপতিগৰাকীৰ মহানুভৱতা তথা দেশৰ প্ৰতি আগবঢ়োৱা অৱদানৰ কথা সোঁৱৰাই দিয়ে।

কিন্তু এগৰাকী অমায়িক, দেশপ্ৰাণ ব্যক্তি ৰতন টাটাই এনেধৰণে ভাৰতত ৰত্নৰ দাবী তোলাটো ভাল পোৱা নাই। সেয়ে, তেওঁ সংশ্লিষ্ট সকলোকে এনে প্ৰচাৰ বন্ধ কৰাৰ বাবে আহ্বান জনাইছে।

Related News