কোনে নাজানে প্ৰবীণ উদ্যোগপতি ৰতন টাটাক। দেশৰ অন্যতম পুৰণি আৰু বৃহৎ ব্যৱসায়িক সংস্থা টাটাই আজি যি উচ্চতাত উপনীত হৈছে, তাত ৰতন টাটাৰ অৱদান সকলোৰে অৱগত। তেওঁ নিজৰ সৰলতাৰ বাবেও পৰিচিত। তদুপৰি, আজিৰ বহু যুৱ উদ্যোগীৰ বাবে এক অনুপ্ৰেৰণা। সেয়ে, ৰতন টাটাৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিবলৈও সকলোৰে বিৰাট কৌতুহল আছে।
শেহতীয়াকৈ তেওঁ এটা সাক্ষাৎকাৰত কয় যে তেওঁ আমেৰিকাৰ লছ এঞ্জেলছত এগৰাকী নাৰীৰ প্ৰেমত পৰিছিল আৰু বিয়া হোৱাটো আছিল প্ৰায় নিশ্চিত…. তথাপিও বিয়াখন নহ’ল। টাটাই লগতে কয় যে তাৰপিছত তেওঁ আন সম্পৰ্কত জড়িত হৈ পৰিলেও তেওঁ আন কাকো ‘পত্নী’ হিচাপে গ্ৰহণ কৰিব নোৱাৰিলে।
লগতে পঢ়ক: নীলা-সেউজীয়া ৰঙৰ বৰ্ণচ্ছটা! চন্দ্ৰৰ কক্ষপথত উপনীত হৈয়েই প্ৰথম ছবি প্ৰেৰণ চন্দ্ৰযান-৩ৰ (ভিডিঅ’)
‘হিউমেনছ অৱ বম্বে’ৰ দিয়া এক সাক্ষাৎকাৰত ৰতন টাটাই নিজৰ প্ৰেমক লৈ নিজৰ মৌনতা ভংগ কৰে। তেওঁ কয় যে বিয়াখন প্ৰায় ঠিকেই হৈছিল… কিন্তু শেষত নহ’ল। আইতাৰ অসুস্থতাৰ বাবে ঘৰলৈ উভতি যাবলগীয়া হৈছিল টাটা।
দেশৰ অন্যতম শীৰ্ষ উদ্যোগপতিগৰাকীয়ে কয় যে ১৯৬২ চনত চীন-ভাৰত যুদ্ধ আৰম্ভ হোৱাৰ পিছত এই সম্পৰ্ক ভাঙি যায়, কিয়নো সেই অশান্ত পৰিস্থিতিৰ সময়ছোৱাত পিতৃ-মাতৃয়ে তেওঁৰ প্ৰেমিকাক ভাৰতলৈ আহিবলৈ নিদিলে। সময়ৰ নিয়ম মতেই দীঘলীয়া দূৰত্বৰ বাবে লাহে লাহে ইজনে সিজনৰ পৰা আঁতৰি গ’ল।
লগতে পঢ়ক: এনে পত্নী আৰু এনে সেৱকৰ সৈতে বাস কৰাটো মৃত্যুৰ সমান! চাওক কি কৈছে চাণক্য নীতিয়ে
টাটাই কয়, ‘তাৰ পিছতো আৰু কিছুমান সম্পৰ্কত জড়িত হৈ পৰিছো। কিন্তু ‘পত্নী’ বুলি ক’ব পৰা কাকো বিচাৰি পোৱা নাই। ইয়াৰ পিছত মোৰ জীৱনটো নিজেই এক সংগ্ৰামত পৰিণত হ’ল। মই অনবৰতে ব্যৱসায়ত ব্যস্ত হৈ পৰিছো। মোৰ নিজেই নিজকে দিবলৈ সময়ৰ অভাৱ হৈছিল। কিন্তু আজি যেতিয়া পিছলৈ উভতি চাওঁ, মই একো আক্ষেপ নকৰো, এক চেকেণ্ডৰ বাবেও নকৰো।‘