NORTHEAST NOW (Assamese)

ৰতন টাটাৰ ভাতৃ জিমিৰ নাম শুনিছেনে কেতিয়াবা? মানুহজনৰ জীৱনশৈলীয়ে আচৰিত কৰি তুলিব সকলোকে

September 7, 2024 12:22 pm · এন ই নাও নিউজ, গুৱাহাটী
ফটোঃ সংগ্ৰহীত।

টাটা গ্ৰুপৰ অধ্যক্ষ ৰতন টাটাৰ নাম আমি সকলোৱে জানো। ৩৮০০ কোটি টকাৰ স্বত্বাধিকাৰী ৰতন টাটাৰ সহজ সৰল জীৱনে বাৰে বাৰে আমাৰ দৃষ্টি আকৰ্ষণ কৰে। ভাৰতীয় উদ্যোগ জগতৰ অন্যতম তাৰকা ৰতন টাটা আমাৰ সকলোৰে বাবে এক প্ৰেৰণা। ছ’চিয়েল মিডিয়াৰ সৌজন্যত যিমানেই ৰতন টাটা পোহৰলৈ আহিছে, সিমানেই সকলোৰে চকুৰ আঁৰত ৰৈ গৈছে ৰতন টাটাৰ ভাতৃ জিমি নভাল টাটা।

টাটা কোম্পানীত জিমি নেভাল টাটাৰ অংশীদাৰিত্ব আছে। কিন্তু তথাপিও জিমি টাটাৰ অতি সহজ সৰল জীৱনে সকলোকে স্তম্ভিত কৰি তুলিছে। জিমি টাটা নেভাল টাটা আৰু তেওঁৰ প্ৰথমা পত্নী ছুনী কমিছনাৰিয়েটৰ দ্বিতীয় সন্তান।

ৰতন টাটাই ২০২৩ চনত ইনষ্টাগ্ৰামত ১৯৪৫ চনৰ এখন ফটো পোষ্ট কৰিছিল। ৰতন টাটাই তেওঁ আৰু তেওঁৰ ভাতৃৰ ফটোখনৰ কেপচনত লিখিছিল, “সেইবোৰ আছিল সুখৰ দিন (মোৰ ভাই জিমিৰ সৈতে ১৯৪৫)”।

লগতে পঢ়কঃ প্ৰতি ১৩ দিনত এজন অপৰাধীক হত্যা! ৭ বছৰত যোগী ৰাজ্য উত্তৰ প্ৰদেশত ১৩ হাজাৰ এনকাউণ্টাৰ

একাধিক বাতৰিত দাবী কৰা হৈছে যে জিমি টাটাই ইমানেই সাধাৰণ জীৱন যাপন কৰে যে তেওঁ মোবাইল ফোনও ব্যৱহাৰ নকৰে। বহু আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণতো তেওঁক দেখা নাযায়। লোকচক্ষুৰ আঁৰতে থাকি হৈছে জিমি।

কোটিপতি হৰ্ষ গোৱেংকাই ২০২২ চনত ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয় যে তেওঁ এজন ডাঙৰ স্কোয়াছ খেলুৱৈ। তেওঁ মোক প্ৰতিবাৰেই হেৰুৱাইছিল।

একাধিক সূত্ৰৰ পৰা জানিব পৰা মতে, ৰতন টাটাৰ ভাতৃ জিমি টাটাই সাধাৰণ মধ্যবিত্ত শ্ৰেণীৰ দৰে জীৱনশৈলী কটায়। তেওঁৰ অনাড়ম্বৰ জীৱন সকলোৰে বাবে প্ৰেৰণাৰ উৎস।

লগতে পঢ়কঃ আইনগতভাৱে ভাং খেতি কৰা হ’ব হিমাচল প্ৰদেশত; বিধানসভাত গৃহীত হ’ল প্ৰস্তাৱ

জিমি কলাবাৰ হেম্পটন ক’ৰ্টৰ ষষ্ঠ মহলাৰ এটা ফ্লেটত থাকে। টাটা গ্ৰুপৰ একাধিক শ্বেয়াৰত অংশীদাৰিত্ব থকা জিমি টাটাৰ সহজ জীৱনে সকলোকে আচৰিত কৰি তুলিছে।

Related News