• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতি ১৩ দিনত এজন অপৰাধীক হত্যা! ৭ বছৰত যোগী ৰাজ্য উত্তৰ প্ৰদেশত ১৩ হাজাৰ এনকাউণ্টাৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 7, 2024 11:18 am
প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতি ১৩ দিনত এজন অপৰাধীক গুলীয়াই হত্যা কৰা হৈছে! যোৱা ৭ বছৰত মুঠ আৰক্ষীৰ এনকাউণ্টাৰৰ সংখ্যা ১২ হাজাৰ ৯৬৪! উত্তৰ প্ৰদেশৰ আৰক্ষীৰ ট্ৰেক ৰেকৰ্ডেই প্ৰকাশ কৰিছে এই চাঞ্চল্যকৰ তথ্য।

বাতৰি অনুসৰি, ২০১৭ চনৰ ২০ মাৰ্চৰ পৰা ২০২৪ চনৰ ৫ ছেপ্টেম্বৰলৈকে এই বৃহৎ সংখ্যক এনকাউণ্টাৰৰ বাবে উত্তৰ প্ৰদেশত আৰক্ষীয়ে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। অপৰাধীৰ প্রত্যাক্ৰমণত ১৭ জন আৰক্ষী জোৱানৰো মৃত্যু হয়৷ মৃতকৰ তালিকাত ২০৭জন কুখ্যাত অপৰাধীৰ নাম আছে।

উত্তৰ প্ৰদেশত ক্ষমতালৈ অহাৰ পিছতে যোগী চৰকাৰে মাফিয়া আৰু দুস্কৃতিকাৰীৰ বিৰুদ্ধে ‘শূন্য সহনশীলতা’ নীতি গ্ৰহণ কৰে। তেতিয়াৰ পৰাই ৰাজ্যখনক অপৰাধমুক্ত কৰাৰ বাবে আৰক্ষী-প্ৰশাসনক অপৰিসীম ক্ষমতা প্ৰদান কৰা হৈছে। তাৰ ফলাফল চৰকাৰী পৰিসংখ্যাত ওলাইছে।

Apply Now

লগতে পঢ়কঃ হাৰিয়ানা নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ; দলত যোগ দিয়েই টিকট পালে ৱিনেশ ফ’গাটে

আৰক্ষীৰ দাবী যে যিসকলৰ এনকাউন্টাৰ হৈছে তেওঁলোক সকলোৱেই তালিকাভুক্ত অপৰাধী। বহুতৰে বিৰুদ্ধে আৰ্থিক মূল্যৰ ঘোষণা আছিল। উত্তৰ প্ৰদেশ আৰক্ষীৰ ডিজি প্ৰশান্ত কুমাৰে দাবী কৰে যে এনকাউণ্টাৰত উচ্চতম ন্যায়ালয়ৰ গাইডলাইন মানি চলিছিল, সেয়ে আজি কোনো এটা ঘটনাকলৈও প্ৰশ্ন উঠা নাই।

প্ৰশাসনৰ সূত্ৰৰ মতে, বেছিভাগ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে মীৰাট জ’নত। ২০১৭ চনৰ পৰা মুঠ ৩৭২৩টা এনকাউণ্টাৰত ৬৬জন কুখ্যাত অপৰাধীক হত্যা কৰাৰ লগতে ৭ হাজাৰ ১৭জন অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে।

এনকাউণ্টাৰত নিহত বহু অপৰাধীৰ বিৰুদ্ধে নগদ ধনৰ পুৰস্কাৰো ঘোষণা কৰা হৈছিল। নিহতৰ তালিকাত থকা ২ জন লোকৰ মূৰৰ দাম যোগী চৰকাৰে ৫ লাখ টকাকৈ ঘোষণা কৰিছিল। একেদৰে ৪জন লোকক গতাই দিব পাৰিলে আঢ়ৈ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল।

লগতে পঢ়কঃ আইনগতভাৱে ভাং খেতি কৰা হ’ব হিমাচল প্ৰদেশত; বিধানসভাত গৃহীত হ’ল প্ৰস্তাৱ

উল্লেখ্য যে বিৰোধীয়ে বাৰে বাৰে যোগীৰ ৰাজ্যত আৰক্ষীয়ে নিৰীহ লোকক অপৰাধীৰ সজাই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে। চৰকাৰী পৰিসংখ্যা ওলাই অহাৰ পিছতে নতুনকৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অৱশ্যে ডিজি প্ৰশান্ত কুমাৰে কয় যে, অপৰাধীক সহ্য কৰাৰ কোনো প্ৰশ্নই নুঠে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ এই ধাৰা অব্যাহত থাকিব। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd