• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাৰিয়ানা নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ; দলত যোগ দিয়েই টিকট পালে ৱিনেশ ফ’গাটে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 7, 2024 10:06 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

261
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ কংগ্ৰেছত যোগদান কৰিছে পেৰিছ অলিম্পিকৰ মল্লযুঁজাৰু ৱিনেশ ফ’গাটে। ইফালে যোগদান কৰিয়েই আগন্তুক হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ টিকটো লাভ কৰিলে। তেওঁ ৰাজ্যৰ জুলানা বিধানসভাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।

আন এগৰাকী মল্লযুঁজাৰু বজৰং পুনিয়াও কংগ্ৰেছত যোগ দিছে। অৱশ্যে তেওঁ প্ৰাৰ্থী হোৱা নাই। কিন্তু দলত যোগদান কৰি তেওঁ সৰ্বভাৰতীয় কিষাণ কংগ্ৰেছৰ কাৰ্যকৰী অধ্যক্ষৰ পদ লাভ কৰিছে।

অহা ৫ অক্টোবৰত হাৰিয়ানাত নিৰ্বাচন। ইতিমধ্যে তাত ৱিনেশ প্ৰাৰ্থী হ’ব পাৰে বুলি বাতৰি ওলাইছিল। শুকুৰবাৰে আনুষ্ঠানিকভাৱে তাত ছীল মোহৰ পৰিল।

কালি বিয়লি ৱিনেশ আৰু বজৰঙে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে। তাৰ আগতে ৱিনেশেও ৰেলৱেৰ চাকৰিৰ পৰা পদত্যাগ কৰিছিল। দুয়োজনে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহলৈ যায়।

লগতে পঢ়কঃ আইনগতভাৱে ভাং খেতি কৰা হ’ব হিমাচল প্ৰদেশত; বিধানসভাত গৃহীত হ’ল প্ৰস্তাৱ

কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকাত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুদাও। তেওঁ গড়ী সম্পালা-কিলোইৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।

পেৰিছ অলিম্পিকৰ ফাইনেলত প্ৰৱেশৰ সপোন ছিন্নভিন্ন হৈ পৰিছিল ৱিনেশৰ। অৱশ্যে তেওঁ ঘৰলৈ উভতি আহি ‘চেম্পিয়ন’ৰ দৰে সন্মান লাভ কৰিছিল। ইয়াৰ পিছত তেওঁ ভূপিন্দৰ সিং হুদাকো লগ পাইছিল। শম্ভু সীমান্তত কৃষকৰ অৱস্থানতো যোগ দিছিল।

ৱিনেশে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীকো সাক্ষাৎ কৰিছিল। বজৰং পুনিয়াও তাত আছিল। সংশ্লিষ্ট সূত্ৰসমূহে অনুমান কৰিব পাৰিছি যে ইয়াৰ দ্বাৰা ৱিনেশে কংগ্ৰেছত যোগদান কৰি প্ৰাৰ্থী হোৱাৰ ইংগিত দাঙি ধৰিছিল। সেইটোৱেই  কালি বাস্তৱ হৈ পৰিল।

মহিলা মল্লযুঁজাৰুসকলৰ হাৰাশাস্তিৰ প্ৰতিবাদত মল্লযুঁজাৰুসকলে ৰাজপথলৈ ওলাই আহিছিল মল্লযুঁজাৰু ফেডাৰেচনৰ তদানীন্তন মুৰব্বী ব্ৰীজভূষণ শৰণ সিঙৰ বিৰুদ্ধে। সেই যুঁজৰ মূল মুখ আছিল ৱিনেশ, বজৰং আৰু সাক্ষী।

লগতে পঢ়কঃ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত হৰিণৰ মাংসৰ সৈতে ধৰা পৰিল “চোৰাংচিকাৰী”

দিল্লীৰ যন্তৰমন্তৰত ধৰ্নাৰ পৰা আৰম্ভ কৰি নতুন সংসদ ভৱনলৈ অভিযানলৈকে তেওঁলোকে সকলো কামতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰা দেখা গৈছিল।ৱিনেশ আৰু বজৰঙে ৰাজনৈতিক দলত যোগদান কৰিলে যদিও, সাক্ষী মালিকে সেয়া কৰিবলৈ অনিচ্ছুক।

Recent News

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd