মেঘালয়ৰ ভৈৰিমবঙৰ মদান কুৰকালাং ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত শ্বিলং চেৰী ব্ল’ছম মহোৎসৱত সংগীত পৰিৱেশন কৰি থকাৰ সময়তে এগৰাকী দৰ্শকে মুখলৈ বিয়েৰ নিক্ষেপ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে আমেৰিকান ৰেপাৰ তথা গায়ক ছোৱে লিয়ে। ২১ নৱেম্বৰ, শনিবাৰে মহোৎসৱটোৰ দ্বিতীয় দিনা এই ঘটনা সংঘটিত হয়। অনুষ্ঠানৰ মাজতে সংগীত বন্ধ কৰি ৩৩ বছৰীয়া শিল্পীগৰাকীয়ে সংশ্লিষ্ট দৰ্শকগৰাকীক চিনাক্ত কৰি অনুষ্ঠানস্থলীৰ পৰা বাহিৰ কৰি দিবলৈ সুৰক্ষাকৰ্মীক নিৰ্দেশ দিয়ে। শিল্পীগৰাকীৰ এই ক্ষুব্ধ প্ৰতিক্ৰিয়াৰ ভিডিঅ’ ইতিমধ্যেই সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে।
সংগীতানুষ্ঠানটো চলি থকাৰ সময়ত ছাৰ্টবিহীন অৱস্থাত থকা ছোৱে লিয়ে নিজৰ পৰৱৰ্তী গীতটো পৰিৱেশন কৰিবলৈ লওঁতেই এগৰাকী অনুৰাগীয়ে তেওঁৰ মুখলৈ বিয়েৰ নিক্ষেপ কৰে। এই ঘটনাত স্পষ্টভাৱে ক্ষুব্ধ হৈ পৰা ৰেপাৰগৰাকীয়ে মাজতে সংগীত বন্ধ কৰি দিয়ে আৰু পানীয়খিনি কোনে নিক্ষেপ কৰিলে বুলি দৰ্শকসকলক বাৰে বাৰে প্ৰশ্ন কৰাৰ লগতে ব্যক্তিগৰাকীৰ আচৰণৰ তীব্ৰ সমালোচনা কৰে। সংশ্লিষ্ট দৰ্শকগৰাকীক চিনাক্ত কৰাৰ পাছত ছোৱে লিয়ে নিজৰ সুৰক্ষা দলক হস্তক্ষেপ কৰি তেওঁক সংগীতানুষ্ঠানটোৰ পৰা বাহিৰ কৰি দিবলৈ কয়। ভাইৰেল হোৱা ভিডিঅ’সমূহত তেওঁ সুৰক্ষাকৰ্মীক নিৰ্দেশ দি দৰ্শকগৰাকীক উদ্দেশ্যি “তুমি ইয়াৰ পৰা যাব লাগিব… মূৰ্খ” বুলি চিঞৰি থকা শুনা গৈছে।
এই ঘটনাৰ পাছত আমেৰিকান শিল্পীগৰাকীয়ে এখন টাৱেল বিচাৰি নিজৰ মুখখন মচি লয় আৰু পুনৰ সংগীত পৰিৱেশন আৰম্ভ কৰে। দৰ্শকগৰাকীৰ বিৰুদ্ধে তেওঁৰ এই ক্ষুব্ধ প্ৰতিক্ৰিয়াৰ দৃশ্যই সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে। উল্লেখযোগ্য যে এই মহোৎসৱটোত ছোৱে লিৰ উপৰি নেলী, খালিদ, বয়জ লাইক গাৰ্লছ, গেলাণ্টিছ, অল্টেগ’ আৰু দৰ্শন ৰাৱালকে ধৰি কেইবাগৰাকীও আন্তঃৰাষ্ট্ৰীয় তথা ভাৰতীয় শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰে।
ভাৰতত ছোৱে লিৰ এয়া দ্বিতীয়টো সংগীতানুষ্ঠান আছিল। ইয়াৰ পূৰ্বে ২০২৫ চনৰ নৱেম্বৰ মাহত নৱী মুম্বাইত অনুষ্ঠিত ‘ৰোলিং লাউড ইণ্ডিয়া’ৰ জৰিয়তে তেওঁ ভাৰতত প্ৰথমবাৰৰ বাবে মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিছিল। ফ্ৰেঞ্চ মণ্টানাৰ সৈতে ‘আনফৰগেটেবল’, প’ষ্ট মেল’নৰ সৈতে ‘ছানফ্লাৱাৰ’, এলি গ’ল্ডিং আৰু ডিপ্ল’ৰ সৈতে ‘ক্ল’জ টু মি’, জেনে আইক’ৰ সৈতে ‘ছাটিভা’ আৰু কেন ব্ৰাউন তথা খালিদৰ সৈতে ‘বি লাইক দেট’ আদি জনপ্ৰিয় গীতৰ বাবে পৰিচিত শিল্পীগৰাকীৰ শ্বিলঙৰ অনুষ্ঠানত সংঘটিত এই ঘটনাই বৰ্তমান ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।





