NORTHEAST NOW (Assamese)

দমদমা সাহিত্য সভাৰ উদ্যোগত ’যুৱ ৰত্ন’ সন্মান প্ৰদান অনুষ্ঠান

October 30, 2022 4:28 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: October 30, 2022 4:31 pm

তীৰ্থনগৰী হাজোৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান দমদমা মহাবিদ্যালয়ত  দমদমা সাহিত্য সভাৰ উদ্যোগত “যুৱ- ৰত্ন” সন্মান প্ৰদান,অভিনন্দন জ্ঞাপন আৰু গ্ৰন্থ উন্মোচনী সভাখনি দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’য়।ট্ৰেনজিচন একাদেমীৰ সমূহ ছাত্ৰীবৃন্দই পৰিবেশন কৰা সমবেত সংগীতৰে শুভাৰম্ভণি হোৱা সভাৰ সভাপতিত্ব কৰে দমদমা সাহিত্য সভাৰ সভাপতি কনক শৰ্মাই।

সভাত হাজোৰ সু-সন্তান,যুৱ সমাজসেৱক ,অসম সাহিত্য সভাৰ আজীৱন সদস্য ৰাতুল শৰ্মাক বৃহত্তৰ হাজো অঞ্চললৈ আগবঢ়োৱা জনকল্যানমূল সেৱাৰ স্বীকৃতি স্বৰূপে দমদমা সাহিত্য সভাই “যুৱ ৰত্ন” সন্মানেৰে বিভূষিত কৰে।অৱশ্যে বটা গ্ৰহনৰে যুৱ সমাজসেৱক ৰাতুল শৰ্মাই কিছু আৱেগিক হৈ এই “যুৱ ৰত্ন” সন্মান ৰাইজৰ আৰ্শীবাদ হিচাপে গ্ৰহন কৰে।আজিৰ সভাতেই অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মূখ্য অতিথিৰ আসন অলংকৃত কৰি “যুৱ ৰত্ন” ৰাতুল শৰ্মাৰ মানৱীয় প্ৰমূল্যবোধৰ সেৱাৰাজিক ভূয়সী প্ৰশংসা কৰি গঠনমূলক মন্তব্য আগবঢ়ায়।

উক্ত সভাতেই বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে বিশিষ্ট সাহিত্যিক ড° ৰীতা চৌধুৰীয়ে।তদুপৰি  সভাতেই দুখনকৈ গ্ৰন্থ কৃতি শিক্ষক ,লেখক ৰজনী শালৈৰ দ্বাৰা ৰচিত “প্ৰসংগ ৰাস” আৰু গোপাল চন্দ্ৰ মালাকৰৰ দ্বাৰা ৰচিত “বলুকাত এখোজ” উন্মোচন কৰা হয়।

লগতে  সভাতেই মুক্ত কবি কণ্ঠ বঁটা — ২০২২” প্ৰাপক বাবুল চন্দ্ৰ দাস ,গৌতম মালাকাৰ, ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা প্ৰাপক ৰজনী শালৈ, ধৰ্মেশ্বৰ দাস, অসম ভাষা গৌৰৱ আঁচনিৰ অধীনত সম্বৰ্দ্ধনা প্ৰাপক যাদৱ চন্দ্ৰ দাস, ৰেণুকা কলিতা আৰু মুনীন্দ্ৰ মহন্তক বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰা হ’য়।

তদুপৰি  সভাত উপস্থিত থাকে দমদমা মহাবিদ্যালয়ৰ অধ্যক্ষ সুৰঞ্জন শৰ্মা,অসম বানী কাকতৰ সম্পাদক দিলীপ চন্দন,দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক শংকৰ গোহাইকে প্ৰমূখ্যে মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা,ছাত্ৰ ছাত্ৰী তথা  প্ৰায়সংখ্যক বিশিষ্ট গণ্য মান্য ব্যক্তি। দমদমা সাহিত্য সভাৰ সম্পাদক মুনীন্দ্ৰ মহন্তই আঁত ধৰা সভাখনি জাতীয় সংগীতৰে সামৰণি পৰে।

Related News