• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Gujarat Bridge Collapse: ছট পূজাত গুজৰাটত দলং খহি পৰি ভয়ংকৰ দুৰ্ঘটনা; মৃত্যুৰ সংখ্যা ৯১ লৈ বৃদ্ধি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 31, 2022 7:30 am
160
VIEWS
Share on FacebookShare on Twitter

At least 91 killed as Gujarat bridge collapses প্ৰধানমন্ত্ৰীৰ গৃহ ৰাজ্য গুজৰাটত সংঘটিত হৈছে শোকাৱহ দুৰ্ঘটনাটো। মেৰামতিৰ পিছত তিনিদিন পূৰ্বে মানুহৰ চলাচলৰ বাবে মুকলি কৰি দিয়া হৈছিল। দেওবাৰে সন্ধিয়া ওলোমা দলংখন মানুহৰ ভিৰৰ হেঁচাত খহি পৰে। ছট পূজাৰ সময়ত বহুলোকে মোৰবীৰ মাচু নদীৰ দলংখনত উঠিছিল। খহি পৰাৰ লগে লগে বহুলোক নদীত পৰি যায়। এতিয়ালৈকে ৯১ জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। মৃত্যুৰ সংখ্যাটো আৰু বেছি হোৱাৰ সম্ভাৱনা আছে।

প্ৰশাসনেও মৃত্যুৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব পাৰে বুলি আশংকা কৰিছে। কিয়নো কমেও ১৫০ জন লোক সন্ধানহীন হৈ আছে।

দলংখন সাত মাহ ধৰি মেৰামতি কৰা হৈছিল। তাৰ পাছতো প্ৰশাসনে বুজি পোৱা নাই যে কেনেকৈ এখন দলং খহি পৰিল। অৱশ্যে পূজা চাবলৈ যোৱা মানুহৰ কেনেকৈ ৪০০ জন লোক দলংখনত উঠিব পাৰিলে তাক লৈ আৰক্ষীৰ ফালে আঙুলি তুলিছে ৰাজ্যখনৰ  সাধাৰণ লোকে।

সূত্ৰ অনুসৰি, দলংখন মেৰামতিৰ বাবে নিবিদা লাভ কৰা কোম্পানীটোৱে আগতে কৈছিল যে দলংখন কমেও ১৫ বছৰৰ বাবে আৰু মেৰামতি কৰিব নালাগিব। কিন্তু প্ৰশ্ন হৈছে যে এইখন পাঁচ দিনতে কেনেকৈ ভাঙি পৰিল। দলংখনত চাৰিশ মানুহ আছিল। নদীখনত খহি পৰাৰ পিছত বহুলোক সন্ধানহীন হৈ আছে। দলংখন ভাঙি পৰা স্থানলৈ উদ্ধাৰকাৰীসকলে নাও লৈ গৈ উদ্ধাৰ অভিযান চলাইছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰ্তমান তিনিদিনীয়া গুজৰাট ভ্ৰমণলৈ আহিছে। তেওঁ দুৰ্ঘটনাটোৰ বিষয়ে মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিছে। তেওঁ সকলো সময়তে উদ্ধাৰ অভিযানৰ ওপৰত নজৰ ৰাখিবলৈ নিৰ্দেশ দিছে।

ইপিনে, দুৰ্ঘটনাত পতিত সকলৰ উদ্ধাৰৰ আটাইতকৈ ডাঙৰ বাধা হৈছিল অন্ধকাৰ। নদীৰ এফালে মাত্ৰ এটা পোহৰ আছে। ফলস্বৰূপে উদ্ধাৰকাৰীসকলে পোহৰৰ ব্যৱস্থা নোহোৱালৈকে উদ্ধাৰ কাৰ্য্যত অত্যাধিক অসুবিধাৰ সন্মুখীন হৈছিল। আশংকা কৰা হৈছে যে দলংখনৰ তলত কমেও ১০০ জন লোক চেপা খাই পৰিছে। ফলত সেই সংখ্যাটোৱে প্ৰশাসনক চিন্তিক কৰিছে। বহুতো লোক পানীত ডুব যোৱাৰ আশংকাত ডুবাৰু মতা হৈছে।

সাধাৰণতে সমগ্ৰ দেশতে নদীৰ পাৰত ছট পূজা উদযাপন কৰা হয়। চাৰিশ মানুহ এখন দলঙত উঠাৰ সময়ত প্ৰশাসনে চকু দিয়া নাছিল! যদি দলংখনত মানুহ কঢ়িয়াই নিয়াৰ সময়ত দুৰ্ঘটনা হয় সেয়া আন এটা কথা, কিন্তু দলংখনত বৃহৎ সংখ্যক লোক উঠি পৰাটো বেলেগ বিষয়। প্ৰশাসন নে দলংখন মেৰামতি কৰা কোম্পানী কাৰ অৱহেলাত ঘটিল এই ট্ৰেজেদি! এই মুহূৰ্তত তাৰে চৰ্চাই চলি আছে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd