NORTHEAST NOW (Assamese)

অপশক্তিৰ বিনাশ কামনাৰে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত জ্বলিল ১১১ ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিমূৰ্তি

October 5, 2022 9:01 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: October 5, 2022 9:03 pm

শান্তি আৰু মংগলৰ বাৰ্তালৈ ধৰাত প্ৰৱেশ কৰা দেৱী দুৰ্গাই আজি ধৰাৰ পৰা বিদায় মাগিলে। বিজয়া দশমীৰ শুভক্ষণত অপশক্তিৰ বিনাশৰ কামনাৰে গুৱাহাটী মহানগৰীৰ নেহৰু ষ্টেডিয়ামত আজি ১১১ ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিমূৰ্তি দাহ কৰা হয়।

ৰাৱণৰ প্ৰতিমূৰ্তিত অগ্নিসংযোগ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য কোভিড পৰিস্থিতিৰ লগতে অন্যান্য কেতবোৰ অসুবিধাৰ বাবে বিগত চাৰি বছৰৰ ধৰি নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা নাছিল ৰাৱণ দাহ কাৰ্যসূচী।

চাৰিবছৰৰ মূৰত আজি অনুষ্ঠিত ৰাৱণ দাহ অনুষ্ঠানত বহু লোকে অংশগ্ৰহণ কৰা দেখা যায়। লক্ষ্যণীয় কথাটো হ’ল এইবেলি ১৫০ ফুট ওখ এল ই ডি স্ক্ৰীনত ৰাৱণ দাহন কাৰ্য প্ৰদৰ্শন কৰা হয়।

ৰাৱণ দাহ কাৰ্যসূচী অনুষ্ঠানৰ সৈতে জৰিতচ এগৰাকী কৰ্মকৰ্তাই প্ৰকাশ কৰা মতে ৰাৱণৰ প্ৰতিমূৰ্তিটো সাজি উলিয়াওতে প্ৰায় দুমাহ সময় লাগিছে।

১১১ ফুট উচ্চতাৰ প্ৰকাণ্ড মূৰ্তিটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। গুৱাহাটীৰ লগতে ৰাজ্যৰ আন বহু ঠাইতো আজি সন্ধিয়া ৰাৱণ দাহ কৰা হয়। দেশৰ বিভিন্ন প্ৰান্ততো ৰাৱণ দাহ কাৰ্যসূচীত বহু লোকে ভাগ লয়।

Related News