ক’ভিদত আক্ৰান্ত ৰবিচন্দ্ৰন অশ্বিন: টেষ্ট দলৰ সৈতে ইংলেণ্ড ভ্ৰমণ নহ’ল সম্ভৱ

Ravichandran Ashwin India vs England test

ইংলেণ্ডৰ বিৰুদ্ধে ১ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া টেষ্টৰ বাবে ইংলেণ্ড ভ্ৰমণ পলম হ’ব ভাৰতীয় দলৰ গুৰুত্বপূৰ্ণ সদস্য ৰবিচন্দ্ৰন অশ্বিনৰ। ইতিমধ্যে যোৱা ১৬ জুনত ইংলেণ্ডত উপস্থিত হৈছে ভাৰতীয় ক্ৰিকেট দলৰ সদস্য সকল।

আনহাতে দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়, খেলুৱৈদ্বয় ক্ৰমে ঋষভ পন্ট আৰু শ্ৰেয়স আয়াৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলা সামৰি লণ্ডনত উপস্থিত হৈছে আৰু মঙলবাৰে লিচেষ্টাৰ ভ্ৰমণ কৰিব।

কিন্তু সতীৰ্থ খেলুৱৈসকলৰ সৈতে ভ্ৰমণ কৰিব নোৱাৰিলে দলৰ তাৰকা অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে। বিচিচিআইৰ এক সূত্ৰ অনুসৰি ক’ভিদ পৰীক্ষাৰ সময়ত জেষ্ঠ খেলুৱৈগৰাকীৰ শৰীৰত ক’ভিদৰ উপস্থিতি ধৰা পৰাৰ বাবে দলৰ সৈতে ইংলেণ্ড ভ্ৰমণ সম্ভৱ নহ’ল খেলুৱৈগৰাকীৰ।

বিচিচিআইৰ সূত্ৰটোৱে প্ৰকাশ কৰিছে যে ভ্ৰমণৰ পূৰ্বে ক’ভিদ আক্ৰান্ত হোৱাৰ বাবে অশ্বিনে দলৰ সৈতে ইংলেণ্ড ভ্ৰমণ কৰা নাই যদিও ১ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া টেষ্টৰ পূৰ্বে তেওঁ সময়মতে ভালদৰে আৰোগ্য হ’ব বুলি আশা কৰা হৈছে।

অৱশ্যে তেওঁ লিচেষ্টাৰশ্বায়াৰৰ বিৰুদ্ধে ২৪ জুনৰ পৰা হ’বলগীয়া অনুশীলন খেলখনত অশ্বিনে অংশ ল’ব নোৱাৰিব বুলি সূত্ৰটোৱে লগতে উল্লেখ কৰিছে।

জানিব পৰা মতে অশ্বিন বৰ্তমান হোম আইচ’লেশ্যনত আছে আৰু প্ৰয়োজনীয় সকলো প্ৰট’কল পূৰণ কৰাৰ পিছতহে পঞ্চম টেষ্টৰ বাবে ভাৰতীয় দলত যোগদান কৰিব।

যোৱা বৰ্ষৰ অৰ্ধসমাপ্ত টেষ্ট শৃংখলাৰ অন্তিমখন মেচত অংশগ্ৰহণৰ বাবে ভাৰতীয় টেষ্ট দলটোৰ বাকী সকল সদস্য ইতিমধ্যে লিচেষ্টাৰত আছে আৰু বলিং প্ৰশিক্ষক পাৰস মাম্ব্ৰে আৰু বেটিং প্ৰশিক্ষক বিক্ৰম ৰাথৌৰৰ তত্বাৱধানত প্ৰশিক্ষণ আৰম্ভ কৰিছে।

উল্লেখ্য যে যোৱা বৰ্ষৰ এই টেষ্ট শৃংখলাটোত ভাৰতৰ সেইসময়ৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰী আৰু দলৰ ফিজিঅ’থেৰাপিষ্ট ক’ভিদত সংক্ৰমিত হোৱাৰ পিছত অন্তিম টেষ্টত ভাগ ল’বলৈ অস্বীকাৰ কৰিছিল।

পাছত দুয়োখন দেশৰ ক্ৰিকেট ব’ৰ্ডৰ সন্মতিক্ৰমে অন্তিম টেষ্টখন এই বৰ্ষত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়। ভাৰত বৰ্তমান শৃংখলাটোত ২-১ ব্যৱধানত আগবাঢ়ি আছে।

পাঁচখনীয়া মেচৰ টেষ্ট শৃংখলাটোৰ অন্তিমখন টেষ্ট ১ জুলাইৰ পৰা এজবাষ্টনত অনুষ্ঠিত হ’ব। টেষ্টখনৰ পিছত ভাৰতে ঘৰুৱা দল ইংলেণ্ডৰ বিৰুদ্ধে তিনিখনীয়া এদিনীয়া আৰু তিনিখনীয়া টি-২০ শৃংখলাত ভাগ ল’ব।