একেদিনাই দুটাকৈ অভিলেখ ভংগ অশ্বিনৰ, অতিক্ৰম কৰিলে কিংবদন্তী ৱাছিম আক্ৰামকো

Ravichandran Ashwin Overtakes Harbhajan Singh

নিউজিলেণ্ড আৰু ভাৰতৰ মাজত চলিত টেষ্টৰ তৃতীয় দিনা আজি দুটাকৈ ঈৰ্ষণীয় সাফল্য অৰ্জন কৰিছে ভাৰতৰ তাৰকা স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে।

খেলখনত কাইল জেমিছনৰ ৰূপত অশ্বিনে তেওঁৰ দ্বিতীয়টো উইকেট দখল কৰাৰ লগে লগে তেওঁ ৱাছিম আক্ৰামৰ টেষ্ট কেৰিয়াৰৰ মুঠ ৪১৪ টা উইকেটৰ অভিলেখ অতিক্ৰম কৰে।

টেষ্টখনৰ প্ৰথম ইনিংছত তিনিটা উইকেট দখল কৰা অশ্বিনে এতিয়া তেওঁৰ ৮০ তম খেলত ৪১৬ টা উইকেট লাভ কৰিছে। আক্ৰামে ১০৪ খন খেলত ৪১৪ টা উইকেট দখল কৰিছিল। উল্লেখ্য এই তালিকাত আন এজন ভাৰতীয় স্পিনাৰ হৰভজন সিঙক অতিক্ৰম কৰিবলৈ অশ্বিনক মাত্ৰ দুটা উইকেটৰ প্ৰয়োজন।

ৰবিচন্দ্ৰন অশ্বিনে ২০১১ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটত আত্মপ্ৰকাশ কৰিছিল। টেষ্ট কেৰিয়াৰত তেওঁ ৩০ বাৰ এটা ইনিংছত পাঁচ টা উইকেট লাভ কৰিছে। লগতে এখন মেচত ৭ বাৰ দহটা বা তাতকৈ অধিক উইকেট লাভ কৰিছে।

সৰ্বাধিক উইকেট সংগ্ৰহকাৰী তালিকাত অশ্বিনতকৈ ওপৰত থকা অধিকাংশ বলাৰৰ তুলনাত অশ্বিনৰ বলিং গড় উন্নত।

টেষ্ট কেৰিয়াৰত সৰ্বাধিক উইকেট দখলৰ তালিকাত অশ্বিনতকৈ আগত আছে — মুৰলীধৰণ (৮০০), ৱাৰ্ণ (৭০৮), এণ্ডাৰচন (৬৩২), কুম্বলে (৬১৯), মেকগ্ৰাথ (৫৬৩), ব্ৰড (৫২৪), ৱালছ (৫১৯), ষ্টেইন (৪৩৯), কপিল দেৱ (৪৩৪), হেৰাথ (৪৩৩), হেডলী (৪৩১), পোলক (৪২১) আৰু হৰভজন (৪১৭)।

ইয়াৰ উপৰিও অশ্বিনে আজি আন এটা অভিলেখো স্থাপন কৰিছে। তাৰকা ভাৰতীয় অফ স্পিনাৰ গৰাকীয়ে উইল ইয়ঙৰ উইকেট লাভ কৰি পাকিস্তানৰ পেচাৰ শ্বাহিন শ্বাহ আফ্ৰিদীক অতিক্ৰম কৰি ২০২১ কেলেণ্ডাৰ বৰ্ষত টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে। এই বৰ্ষত অশ্বিনে ৪৩ টা টেষ্ট উইকেট লাভ কৰিছে।

উল্লেখ্য যে খেলখনত ভাৰতৰ প্ৰথম ইনিংছৰ ৩৪৫ ৰানৰ প্ৰত্যুত্তৰত নিউজিলেণ্ডে প্ৰথম ইনিংছত ২৯৬ ৰান সংগ্ৰহ কৰে। প্ৰথম ইনিংছত ৪৯ ৰানৰ অগ্ৰগতি লোৱাৰ পাছতে ভাৰতে তৃতীয় দিনৰ অন্তত ১ টা উইকেট হেৰুৱাই ১৪ ৰান সংগ্ৰহ কৰিছে।