• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অনুশোচনাত দগ্ধ জাদেজাঃ ছৰফৰাজক প্ৰশংসাৰে কৰিলে ভুল স্বীকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 15, 2024 9:45 pm
Sarfaraz Khan Ravindra Jadeja India vs England
17.7k
VIEWS
Share on FacebookShare on Twitter

প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত দুৰ্দমনীয় প্ৰদৰ্শন, প্ৰদৰ্শনৰ ধাৰাবাহিকতাৰে ভাৰতীয় ক্ৰিকেটৰ এক নৱ সম্ভাৱনা ৰূপে চৰ্চিত হৈ পৰিছিল এক উদীয়মান তাৰকা। কিন্তু ইয়াৰ পিছতো বাৰে বাৰে হৈ ৰৈছিল উপেক্ষিত। সুযোগৰ অপেক্ষাত থাকি বাৰে বাৰে উপেক্ষিত হৈ ৰোৱাৰ পিছত অৱশেষত আজি লাভ কৰিল আকাংক্ষিত সুযোগ।

পৰম আকাংক্ষিত এই সুযোগত অথলে যাবলৈ নিদিলে তেওঁ। নিজৰ যোগ্যতাক ‘যোগ্য’ প্ৰমাণিত কৰি আজি ৰাজকোটত ইংলেণ্ডৰ বিপক্ষে স্বমহিমাৰে উজলি উঠিল সম্ভাৱনাময় তাৰকাগৰাকী। উপেক্ষাৰ সঠিক উত্তৰ দি অবিস্মৰণীয় বেটিঙেৰে তেওঁ অভিষেক মেচতে বিশ্বজুৰি প্ৰশংসা আদায় কৰিলে।

নাম তেওঁৰ ছৰফৰাজ খান। ইংলেণ্ডৰ বিৰুদ্ধে আজিৰ পৰা ৰাজকোটত আৰম্ভ হোৱা তৃতীয়খন টেষ্টত ভাৰতীয় দলৰ হৈ অভিষেক ঘটিল ছৰফৰাজ খান। এই পৰম ক্ষণটিক স্মৰণীয় কৰি ছৰফৰাজে খেলিলে ৬২ ৰাণৰ এক দুৰ্দান্ত ইনিংছ। আক্ৰমণাত্মক শৈলীৰে বেটিং আগবঢ়াই নি ছৰফৰাজে গঢ়ি তুলিছিল এক দিঘলীয়া ইনিংছৰ সম্ভাৱনাই।

পিছে হঠাতে এই সম্ভাৱনা স্থবিৰ হৈ পৰিল। ষ্ট্ৰাইকিং এণ্ডত থকা ৰবীন্দ্ৰ জাদেজাৰ এক ভুল ৰাণ কলৰ ফলত দুৰ্ভাগ্যৱশতঃ নিজৰ উইকেট হেৰুৱালে ছৰফৰাজে। বিমৰ্ষ মনেৰে উভতিল পেভিলিয়নলৈ। কেৱল ছৰফৰাজেই নহয়, সেমেকি উঠিল প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীৰ মন। ড্ৰেছিং ৰুমত দেখা গ’ল অধিনায়ক ৰোহিতৰ স্পষ্ট হতাশা।

এই ভুল বুজিব পাৰি অন্তৰ্দ্বন্দ্বত ভোগে খোদ জাদেজাও। শতক সম্পূৰ্ণ কৰাৰ পিছতো সেয়ে দেখা গ’ল জাদেজাৰ বিমৰ্ষ বদন। এনে ভুলৰ বাবে সামাজিক মাধ্যমত কঠোৰ সমালোচনাৰো সন্মুখীন হ’ল জাদেজা। দিনটোৰ খেল সামৰণিৰ পিছত সেয়ে জাদেজাই ৰাজহুৱাকৈ স্বীকাৰ কৰিলে নিজৰ ভুল। ছৰফৰাজৰ ক্ষেত্ৰত হোৱা ফলৰ বাবে দুখ প্ৰকাশ কৰে।

ইনষ্টাগ্ৰামত এক ষ্ট’ৰীত ছৰফৰাজ খানৰ ৰাণ আউটৰ বাবে ক্ষমা বিচাৰি জাদেজাই লগতে ছৰফৰাজক ইনিংছটোৰ বাবে প্ৰশংসাও কৰিছে।

ইফালে খেল সমাপ্তিৰ পিছত সংবাদমেলৰ সময়ত ৰাণ আউট সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ছাৰফৰাজে এয়া খেলৰ এক সাধাৰণ ঘটনা আৰু খেলত এনে ঘটনা ঘটেই বুলি মন্তব্য কৰে। তেওঁ লগতে নিজৰ ইনিংছটোৰ সময়ত ক্ৰীজত সঠিক দিহা-পৰামৰ্শ আগবঢ়াই থকাৰ বাবে জাদেজাক ধন্যবাদ জনায়।

উল্লেখ্য যে, তৃতীয় টেষ্টৰ আজি প্ৰথম দিনা ভাৰতে প্ৰথমে বেটিং কৰি ৫ উইকেটত ৩২৬ ৰাণ সংগ্ৰহ কৰিছে। ভাৰতে ৩৩ ৰাণতে তিনিটা উইকেট হেৰুৱাই বিপদত পৰিছিল যদিও অধিনায়ক ৰোহিত, জাদেজাৰ শতক আৰু ছৰফৰাজৰ অৰ্ধশতকীয় ইনিংছেৰে এক সবল স্থিতিত উপনীত হৈছে।

অধিনায়ক ৰোহিত শৰ্মাই ১৩১ ৰাণ কৰি বিদায় ল’লেও জাদেজাই ১১০ ৰাণ সংগ্ৰহ কৰি বেটিং কৰি আছে। তেওঁৰ লগত ১ ৰাণ কৰি অপৰাজিত হৈ আছে কুলদীপ যাদৱ। ছৰফৰাজৰ ৬২ ৰাণৰ ইনিংছটোৰ বিপৰীতে ব্যৰ্থ হয় জয়ছোৱাল (১০), গীল (০) আৰু পাটিদাৰ (৫)। উল্লেখ্য যে ছৰফৰাজৰ লগতে ভাৰতৰ হৈ আজি অভিষেক ঘটিছে উইকেটৰক্ষক বেটাৰ ধ্ৰুৱ জুৰেলৰ।

Recent News

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd