• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

অনুশোচনাত দগ্ধ জাদেজাঃ ছৰফৰাজক প্ৰশংসাৰে কৰিলে ভুল স্বীকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 15, 2024 9:45 pm
Sarfaraz Khan Ravindra Jadeja India vs England
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত দুৰ্দমনীয় প্ৰদৰ্শন, প্ৰদৰ্শনৰ ধাৰাবাহিকতাৰে ভাৰতীয় ক্ৰিকেটৰ এক নৱ সম্ভাৱনা ৰূপে চৰ্চিত হৈ পৰিছিল এক উদীয়মান তাৰকা। কিন্তু ইয়াৰ পিছতো বাৰে বাৰে হৈ ৰৈছিল উপেক্ষিত। সুযোগৰ অপেক্ষাত থাকি বাৰে বাৰে উপেক্ষিত হৈ ৰোৱাৰ পিছত অৱশেষত আজি লাভ কৰিল আকাংক্ষিত সুযোগ।

পৰম আকাংক্ষিত এই সুযোগত অথলে যাবলৈ নিদিলে তেওঁ। নিজৰ যোগ্যতাক ‘যোগ্য’ প্ৰমাণিত কৰি আজি ৰাজকোটত ইংলেণ্ডৰ বিপক্ষে স্বমহিমাৰে উজলি উঠিল সম্ভাৱনাময় তাৰকাগৰাকী। উপেক্ষাৰ সঠিক উত্তৰ দি অবিস্মৰণীয় বেটিঙেৰে তেওঁ অভিষেক মেচতে বিশ্বজুৰি প্ৰশংসা আদায় কৰিলে।

Apply Now

নাম তেওঁৰ ছৰফৰাজ খান। ইংলেণ্ডৰ বিৰুদ্ধে আজিৰ পৰা ৰাজকোটত আৰম্ভ হোৱা তৃতীয়খন টেষ্টত ভাৰতীয় দলৰ হৈ অভিষেক ঘটিল ছৰফৰাজ খান। এই পৰম ক্ষণটিক স্মৰণীয় কৰি ছৰফৰাজে খেলিলে ৬২ ৰাণৰ এক দুৰ্দান্ত ইনিংছ। আক্ৰমণাত্মক শৈলীৰে বেটিং আগবঢ়াই নি ছৰফৰাজে গঢ়ি তুলিছিল এক দিঘলীয়া ইনিংছৰ সম্ভাৱনাই।

পিছে হঠাতে এই সম্ভাৱনা স্থবিৰ হৈ পৰিল। ষ্ট্ৰাইকিং এণ্ডত থকা ৰবীন্দ্ৰ জাদেজাৰ এক ভুল ৰাণ কলৰ ফলত দুৰ্ভাগ্যৱশতঃ নিজৰ উইকেট হেৰুৱালে ছৰফৰাজে। বিমৰ্ষ মনেৰে উভতিল পেভিলিয়নলৈ। কেৱল ছৰফৰাজেই নহয়, সেমেকি উঠিল প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীৰ মন। ড্ৰেছিং ৰুমত দেখা গ’ল অধিনায়ক ৰোহিতৰ স্পষ্ট হতাশা।

এই ভুল বুজিব পাৰি অন্তৰ্দ্বন্দ্বত ভোগে খোদ জাদেজাও। শতক সম্পূৰ্ণ কৰাৰ পিছতো সেয়ে দেখা গ’ল জাদেজাৰ বিমৰ্ষ বদন। এনে ভুলৰ বাবে সামাজিক মাধ্যমত কঠোৰ সমালোচনাৰো সন্মুখীন হ’ল জাদেজা। দিনটোৰ খেল সামৰণিৰ পিছত সেয়ে জাদেজাই ৰাজহুৱাকৈ স্বীকাৰ কৰিলে নিজৰ ভুল। ছৰফৰাজৰ ক্ষেত্ৰত হোৱা ফলৰ বাবে দুখ প্ৰকাশ কৰে।

ইনষ্টাগ্ৰামত এক ষ্ট’ৰীত ছৰফৰাজ খানৰ ৰাণ আউটৰ বাবে ক্ষমা বিচাৰি জাদেজাই লগতে ছৰফৰাজক ইনিংছটোৰ বাবে প্ৰশংসাও কৰিছে।

ইফালে খেল সমাপ্তিৰ পিছত সংবাদমেলৰ সময়ত ৰাণ আউট সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ছাৰফৰাজে এয়া খেলৰ এক সাধাৰণ ঘটনা আৰু খেলত এনে ঘটনা ঘটেই বুলি মন্তব্য কৰে। তেওঁ লগতে নিজৰ ইনিংছটোৰ সময়ত ক্ৰীজত সঠিক দিহা-পৰামৰ্শ আগবঢ়াই থকাৰ বাবে জাদেজাক ধন্যবাদ জনায়।

উল্লেখ্য যে, তৃতীয় টেষ্টৰ আজি প্ৰথম দিনা ভাৰতে প্ৰথমে বেটিং কৰি ৫ উইকেটত ৩২৬ ৰাণ সংগ্ৰহ কৰিছে। ভাৰতে ৩৩ ৰাণতে তিনিটা উইকেট হেৰুৱাই বিপদত পৰিছিল যদিও অধিনায়ক ৰোহিত, জাদেজাৰ শতক আৰু ছৰফৰাজৰ অৰ্ধশতকীয় ইনিংছেৰে এক সবল স্থিতিত উপনীত হৈছে।

অধিনায়ক ৰোহিত শৰ্মাই ১৩১ ৰাণ কৰি বিদায় ল’লেও জাদেজাই ১১০ ৰাণ সংগ্ৰহ কৰি বেটিং কৰি আছে। তেওঁৰ লগত ১ ৰাণ কৰি অপৰাজিত হৈ আছে কুলদীপ যাদৱ। ছৰফৰাজৰ ৬২ ৰাণৰ ইনিংছটোৰ বিপৰীতে ব্যৰ্থ হয় জয়ছোৱাল (১০), গীল (০) আৰু পাটিদাৰ (৫)। উল্লেখ্য যে ছৰফৰাজৰ লগতে ভাৰতৰ হৈ আজি অভিষেক ঘটিছে উইকেটৰক্ষক বেটাৰ ধ্ৰুৱ জুৰেলৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd