ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ফেব্ৰুৱাৰি মাহৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া ঘৰুৱা টেষ্ট শৃংখলাটোৰ পৰা বাহিৰ হৈছে অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা।

জাদেজাই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চিডনীৰ তৃতীয় টেষ্টৰ সময়ত বাওঁহাতৰ বুঢ়া আঙুলিত বেয়াকৈ আঘাত পাইছিল। আঙুলিটোৰ অস্ত্ৰোপ্ৰচাৰ কৰা হৈছে যদিও সুস্থ হ’বলৈ ছয় সপ্তাহ লাগিব।

ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাটো আৰম্ভ হ’ব ৫ ফেব্ৰুৱাৰিৰ পৰা। ইয়াৰ আগেয়ে জাদেজা সুস্থ হৈ নুঠাটো এশ শতাংশই নিশ্চিত হৈ পৰিছে।

উল্লেখ্য যে ইংলেণ্ডৰ বিৰুদ্ধে চাৰিখন টেষ্ট, পাঁচখন টি-২০ আৰু তিনিখন এদিনীয়া মেচ খেলিবৃ ভাৰতে। প্ৰথম দুখন টেষ্ট চেন্নাইত আৰু অন্তিম দুখন আহমদাবাদত অনুষ্ঠিত হ’ব।

টি-২০ আৰু এদিনীয়া শৃংখলাত জাদেজাক দলত অন্তৰ্ভুক্ত কৰা হ’ব নে নাই সেই সম্পৰ্কত পাছত সিদ্ধান্ত লোৱা হ’ব বুলি বিচিচিআইৰ এক সূত্ৰই জনায়।

৩২ বছৰীয়া ৰবীন্দ্ৰ জাদেজাক ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন টেষ্টৰ বাবে ঘোষণা কৰা ভাৰতীয় দলত স্থান দিয়া হোৱা নাই। এতিয়া শেষৰ দুখন টেষ্টতো তেওঁ অংশ ল’ব নোৱাৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে।

জাদেজাই অলপতে সমাপ্ত ঘটা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ অন্তিমখন টেষ্ট অৰ্থাৎ ব্ৰীছবেন টেষ্টৰ পৰাও বাহিৰ হৈ আছিল।

বৰ্তমান ৰবীন্দ্ৰ জাদেজাই বেংগালুৰুস্থিত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমি (এন চি এ)ত আঘাত উপশমৰ ওপৰত কাম কৰিব।

এন চি এৰ এজন বিষয়াই কয়, ‘তেওঁ টেষ্ট শৃংখলাৰ পৰা বাহিৰ হৈছে আৰু সম্পূৰ্ণৰূপে ঠিক হ’বলৈ তেওঁক অতি কমেও ছয় সপ্তাহৰো অধিক সময়ৰ প্ৰয়োজন হ’ব। তেওঁক এদিনীয়া আৰু টি-২০ৰ বাবে দলত স্থান দিয়ে নে নাই সেয়া নিৰ্বাচকে পৰৱৰ্তী সময়ত সিদ্ধান্ত ল’ব লাগিব’।