আঘাত: এছিয়া কাপৰ পৰা বাহিৰ জাদেজা, দলত অন্তৰ্ভুক্ত অক্সৰ পেটেল

Ravindra Jadeja Axar Patel

এছিয়া কাপৰ চুপাৰ ৪ ৰাউণ্ডৰ যুঁজৰ পূৰ্বে আজি আঘাতৰ সমস্যাই চিন্তিত কৰি তুলিছে ভাৰতীয় দলক। দলৰ তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই আজি সোঁ আঁঠুত আঘাত পোৱাৰ পিছত চলিত এছিয়া কাপৰ পৰা বাহিৰ হ’বলগীয়া হৈছে।

আঘাতপ্ৰাপ্ত তাৰকাগৰাকী বৰ্তমান বিচিচিআইৰ চিকিৎসা দলৰ তত্বাৱধানত আছে। জাদেজাৰ আঘাতৰ পাছতে বিচিচিআইয়ে আন এগৰাকী অলৰাউণ্ডাৰ অক্সৰ পেটেলক দলত অন্তৰ্ভুক্ত কৰে।

এছিয়া কাপৰ বাবে ঘোষিত দলত অক্সৰক ষ্টেণ্ডবাই খেলুৱৈ হিচাপে ৰখা হৈছিল। এতিয়া মূল দলত স্থান লাভ কৰাৰ বাবে অক্সৰ শীঘ্ৰেই ডুবাই ভাৰতীয় দলটোত যোগদান কৰিব বুলি বিচিচিআই- এ জানিবলৈ দিয়ে।

উল্লেখ্য যে, পাকিস্তানৰ বিৰুদ্ধে এছিয়া কাপৰ প্ৰথমখন মেচত ভাৰতৰ জয়ত জাদেজাই গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। বলিঙৰ সময়ত উইকেট লাভ নকৰিলেও জাদেজাই ৩৫ ৰানৰ এক উপযোগী ইনিংছ খেলিছিল।

আনহাতে হংকঙৰ বিৰুদ্ধে টুৰ্ণামেণ্টৰ দ্বিতীয়খন খেলত জাদেজাই বেটিং কৰাৰ সুযোগ নাপালেও মিতব্যয়ী বলিঙেৰে এটা উইকেট দখল কৰিছিল।

ভাৰতে এতিয়া ৪ ছেপ্টেম্বৰত চুপাৰ ৪ পৰ্যায়ৰ প্ৰথমখন খেলত হংকং আৰু পাকিস্তানৰ মাজত বিজয়ী দলটোৰ বিপক্ষে অৱতীৰ্ণ হ’ব।