পিতা-পুত্ৰৰ সংঘাতঃ পিতৃৰ অভিযোগ, পুত্ৰৰ অস্বীকাৰ; তাৰ মাজতে ভাইৰেল জাদেজাৰ পুৰণি টুইট

Ravindra Jadeja

পাৰিবাৰিক বিবাদৰ পৰিণতিত শেহতীয়াকৈ বিশেষ চৰ্চালৈ আহিছে ভাৰতীয় দলৰ তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাৰ নাম। নিজ পিতৃয়ে তাৰকা পুত্ৰক লৈ ক্ষোভ প্ৰকাশ আৰু তাৰ পিছতে জাদেজাৰ স্পষ্টীকৰণে সম্প্ৰতি ব্যাপক চৰ্চা লাভ কৰিছে।

তাৰ মাজতে এতিয়া ভাইৰেল হৈ পৰিছে ‘পিতৃ-মাতৃ’ ভক্তিত গদগদ্ জাদেজাৰ এক পুৰণি টুইট। এই টুইটটো জাদেজাই নিজা টুইটাৰ হেণ্ডেলৰ পৰা দিছিল ২০১২ চনৰ ৪ নৱেম্বৰত। শেহতীয়া বিতৰ্কৰ পাছত নেটিজেনে এই টুইটটো চৰ্চালৈ আনিছে।

উক্ত টুইটটোত জাদেজাই লিখিছিল, “যি দৈনিক নিজৰ পিতৃ-মাতৃৰ ভৰি স্পৰ্শ কৰে, তেওঁ কেতিয়াও আনৰ ভৰি স্পৰ্শ কৰিব পৰা পৰিস্থিতিৰ সন্মুখীন নহয়।” এই কথাখিনিৰ আধাৰতে এতিয়া ‘পুৰণি’ জাদেজাক ঘূৰাই বিচাৰিছে ক্ৰিকেটাৰগৰাকীৰ অনুৰাগীয়ে।

 

উল্লেখ্য যে জাদেজাৰ এই পুৰণি টুইট পুনৰ চৰ্চালৈ অহাৰ আঁৰত আছে এক বিশেষ কাৰণ। শেহতীয়াকৈ এক সাক্ষাৎকাৰত ৰবীন্দ্ৰ জাদেজাৰ পিতৃ অনিৰুদ্ধসিংহই কৰিছিল কিছু বিস্ফোৰক মন্তব্য। নিজ পুত্ৰ-বোৱাৰীৰ প্ৰতি তেওঁ প্ৰকাশ কৰিছিল বিদ্বেষ।

জাদেজাৰ পত্নী ৰিভাবা জাদেজাৰ বাবে তেওঁলোকৰ পৰিয়াল বিভাজিত হৈ পৰা বুলি অভিযোগ উত্থাপন কৰিছিল অনিৰুদ্ধসিংহই। জাদেজা আৰু তেওঁৰ পত্নী ৰিভাবাৰ সৈতে পৰিয়ালৰ কোনো সম্পৰ্ক নাই বুলিও তেওঁ উল্লেখ কৰিছিল।

তেওঁ কৈছিল, “বৰ্তমান মই জামনগৰত অকলে বাস কৰো, আনহাতে ৰবীন্দ্ৰ নিজৰ এটা সুকীয়া বাংলোত বাস কৰে। একেখন চহৰতে থাকে, কিন্তু মই তেওঁক দেখা নাপাওঁ। মই নাজানো তেওঁৰ পত্নীয়ে তেওঁৰ ওপৰত কি যাদু কৰিছে!”

অনিৰুদ্ধসিংহৰ মতে, জাদেজা আৰু ৰিভাবাৰ বিবাহৰ দুই-তিনি মাহৰ পিছতে এনে পৰিস্থিতিৰ সৃষ্টি হৈছিল। তেওঁলোকৰ মাজত ফোন যোগেও কোনো যোগাযোগ নাই বুলি জাদেজাৰ পিতৃয়ে উল্লেখ কৰিছিল।

তেওঁ লগতে আন এক বিস্ফোৰক অভিযোগো উত্থাপন কৰিছিল। জাদেজাৰ পত্নী ৰিভাবাই বিয়াৰ তিনিমাহৰ ভিতৰতে সকলো সম্পতি নিজৰ নামলৈ স্থানান্তৰিত কৰিব বিচাৰিছিল বুলি অভিযোগ কৰিছে অনিৰুদ্ধসিংহই।

তেওঁৰ বা কন্যা তথা জাদেজাৰ ভগ্নীয়ে মিছা মাতিলেও পৰিয়ালৰ ৫০ জন সদস্যই কিয় মিছা মাতিব বুলিও আত্মপক্ষ সমৰ্থনত মন্তব্য কৰে জাদেজাৰ পিতৃয়ে। অৱশ্যে নিজ পুত্ৰৰ সৈতে সম্পৰ্ক ছিন্ন হোৱাৰ বাবেও দুখ প্ৰকাশ কৰে তেওঁ।

ইফালে পিতৃৰ এনে অভইযোগ নাকচ কৰিছে ৰবীন্দ্ৰ জাদেজাই। পিতৃৰ সাক্ষাৎকাৰটোক ‘স্ক্ৰিপ্টেড’ আখ্যা দি এনে কথা-বতৰাসমূহক উপেক্ষা কৰিবলৈ আহ্বান জনায় জাদেজাই। তেওঁ লগতে পিতৃক পত্নী ৰিভাবাৰ ভাবমূৰ্তি কলুষিত কৰাৰ পৰা বিৰত থাকিবলৈও আহ্বান জনায়।