NORTHEAST NOW (Assamese)

ৰিজাৰ্ভ বেংকৰ নিৰ্দেশত বন্ধ হ’ল মহাৰাষ্ট্ৰৰ লক্ষ্মী সমবায় বেংক, গ্ৰাহকে পাব ৫ লাখকৈ টকা

November 11, 2022 3:37 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: November 11, 2022 3:38 pm

দেশত পুনৰ বন্ধ হ’ল আন এটা সমবায় বেংক। বিত্তীয় অচলাৱস্থাৰ দোহাই দি ৰিজাৰ্ভ বেংকে বন্ধ কৰি দিছে মহাৰাষ্ট্ৰৰ লক্ষ্মী সমবায় বেংক। বেংকটো বন্ধ কৰি দিয়াৰ পিছতে সমস্যাৰ সন্মুখীন হৈছে বেংকটোৰ গ্ৰাহকসকল।

অৱশ্যে ৰিজাৰ্ভ বেংকে বেংকটোত পাঁচলাখলৈ টকা জমা হোৱা সকলক সেই পৰিমাণৰে ধন ঘূৰাই দয়াৰ প্ৰতিশ্ৰতি দিছে যদিও পাঁচলাখৰ ওপৰত জমা থোৱাসকলেও কেৱল পাঁচলাখ টকাহে পাব। ফলত বহু গ্ৰাহক ক্ষতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই বেছি।

ডি.আই.চি.জি.চি.-ৰ তত্বাৱধানত গ্ৰাহকসকলক ৫ লাখ টকালৈকে সম্পূৰ্ণ ধন ঘূৰাই দিয়া হ’ব। কিন্তু সমস্যাটো হ’ল যদি কোনোৱাই ইয়াতকৈ অধিক ধন বেংকটোত জমা কৰিছিল তেন্তে তেনে গ্ৰাহকৰ বাকী ধনৰাশি আৰু ঘূৰাই নাপাব। পুনেস্থিত ৰূপী কো-অপাৰেটিভ বেংক লিমিটেডো বন্ধ কৰি দিয়া হৈছিল।

২২ ছেপ্টেম্বৰৰ পৰা পুনেৰ উক্ত বেংকটোৱে কোনো লেনদেন কৰা নাই। পুনেৰ ৰূপী কো-অপাৰেটিভ বেংক লিমিটেড নামৰ সমবায় বেংকটোৰ ব্যাপক লোকচান হোৱাৰ দোহাই দিয়েই বেংকটো বন্ধ কৰি দিয়া হৈছিল।

Related News