NORTHEAST NOW (Assamese)

সুতৰ হাৰ ২৫ বেছিছ পইণ্ট কৰ্তন, RBIৰ নতুন ৰেপো ৰেট ঘোষণা; হ্ৰাস পাব মাহিলী কিস্তিৰ ধন

February 7, 2025 12:03 pm · এন ই নাও নিউজ, নতুন দিল্লী

অৱশেষত ৰেপো ৰেট সলনি কৰিলে ভাৰতীয় ৰিজাৰ্ভ বেংকে। শুকুৰবাৰে (৭ ফেব্ৰুৱাৰী) আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই ২৫ বেচিছ পইণ্ট কৰ্তনৰ কথা ঘোষণা কৰে। ফলত ৰেপো ৰেট ৬.৫ শতাংশৰ পৰা ৬.২৫ শতাংশলৈ হ্ৰাস পালে।

বিগত দুবছৰ ধৰি আৰ বি আইয়ে ৰেপো ৰেট অপৰিৱৰ্তিত ৰাখিছিল। শীৰ্ষ বেংকটোৱে শেষবাৰৰ বাবে ২০২০ চনৰ মে’ মাহত সুতৰ হাৰ কৰ্তন কৰিছিল। অৰ্থাৎ ৰিজাৰ্ভ বেংকে প্ৰায় পাঁচ বছৰৰ পাছত সুতৰ হাৰ হ্ৰাস কৰিলে।

আৰ বি আইয়ে সকলো চৰকাৰী আৰু ব্যক্তিগত বেংকক যি সুতৰ হাৰত ঋণ দিয়ে, সেই হাৰক ৰেপো ৰেট বোলা হয়। যদি ই হ্ৰাস পায় তেন্তে ইয়াৰ সৈতে জড়িত সকলো বাহ্যিক বেঞ্চমাৰ্ক ঋণৰ সুতৰ হাৰ হ্ৰাস পায়। কোৱা বাহুল্য যে ইয়াৰ দ্বাৰা বেংকৰ ঋণ লোৱাসকলে সকাহ পাব। তেওঁলোকৰ মাহিলী কিস্তিৰ ধন হ্ৰাস পাব।

আৰ বি আইৰ ৰেপো ৰেট কৰ্তনৰ ফলত ৰাজহুৱা আৰু ব্যক্তিগত দুয়োটা বেংকৰ বাবে ফাণ্ড বেছড লেণ্ডিং ৰেট (এম চি এল আৰ)ৰ প্ৰান্তীয় ব্যয় হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। ২০২২ চনৰ মে’ৰ পৰা ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহলৈ আৰ বি আইয়ে তাত ২৫০ বেছিছ পইণ্ট সুতৰ হাৰ বৃদ্ধি কৰিছিল।

চলিত বৰ্ষৰ ৫ ফেব্ৰুৱাৰীৰ পৰা ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমিতিৰ বৈঠক অনুষ্ঠিত হয়। ৭ তাৰিখ শুকুৰবাৰে অনুষ্ঠিত হোৱা বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰে ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই। বিগত বৰ্ষৰ ডিচেম্বৰ মাহত শক্তিকান্ত দাসে অৱসৰ লোৱাৰ পিছত তেওঁ দায়িত্ব গ্ৰহণ কৰিছে।

শুকুৰবাৰে গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই কয়, “আৰ বি আইৰ মুদ্ৰানীতি সমিতিয়ে সৰ্বসন্মতিক্ৰমে ৰেপ’ ৰেট ২৫ বেচিছ পইণ্ট হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে। ঋণ সস্তা কৰাৰ লগতে বিত্তীয় কাৰ্যকলাপক উৎসাহিত কৰাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।’’

Related News