শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই)ৰ এক অধিসূচনাত কোৱা হৈছে যে ঋণ অনুমোদন কৰাৰ সময়ত ঋণগ্ৰহণকাৰীক সুতৰ হাৰ প্ৰকাশ কৰা সম্পৰ্কীয় নীতি-নিয়মসমূহ অমান্য কৰাৰ বাবে মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা ফাইনেন্সিয়েল চাৰ্ভিচেছ লিমিটেডৰ বিৰুদ্ধে ৬.৭৭ কোটি টকাৰ জৰিমনা বিহা হৈছে।
সেইদৰে, আন এক বিবৃতিত ভাৰতীয় ৰিজাৰ্ভ বেংকে কয় যে কে ৱাই চিৰ নীতি-নিয়ম উলংঘা কৰাৰ বাবে ইণ্ডিয়ান বেংকক ৫৫ লাখ টকাৰ জৰিমনা বিহা হৈছে।
লগতে পঢ়ক: মধ্যাহ্ন ভোজন কেলেংকাৰিত বিদ্যালয়ৰ মুৰব্বী আৰু ব্যৱসায়ীক কাৰাগাৰলৈ প্ৰেৰণ
আনহাতে, ভাৰতীয় ৰিজাৰ্ভ বেংকে ‘এনবিএফচিএছ (ৰিজাৰ্ভ বেংক)ৰ নিৰ্দেশনা, ২০১৬’ৰ কিছুমান নিয়ম মানি নচলাৰ বাবে এৰ্নাকুলামৰ মুথুট মানি লিমিটেডক ১০.৫০ লাখ টকাৰ জৰিমনা বিহিছে।
আৰ বি আইয়ে জনায় যে নিয়ন্ত্ৰণ চৰ্তাৱলীৰ অনুসৰণৰ অভাৱ আৰু গ্ৰাহকৰ সৈতে তেওঁলোকৰ যিকোনো লেনদেন বা চুক্তিৰ বৈধতাৰ ভিত্তিত এই শাস্তি প্ৰদান কৰা হয়। আৰ বি আইয়ে জনোৱা মতে, ২০১৯ চনৰ ৩১ মাৰ্চ আৰু ২০২০ চনৰ ৩১ মাৰ্চৰ বিত্তীয় স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা ফাইনেন্সিয়েল চাৰ্ভিচেছৰ পৰিদৰ্শন কৰা হৈছে।
ভাৰতীয় ৰিজাৰ্ভ বেংকে কয় যে অনুমোদনৰ সময়ত ঋণগ্ৰহণকাৰীক ঋণৰ বাৰ্ষিক সুতৰ হাৰ প্ৰকাশ নকৰাৰ লগতে চৰ্ত আৰু নিয়মৰ পৰিৱৰ্তনৰ জাননী নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।
লগতে পঢ়ক: আচৰিত কাণ্ড! নিম্ন আদালতত দোষী সাব্যস্ত হোৱা গুজৰাটৰ বিজেপি সাংসদ আজিও লোকসভাৰ সদস্য
মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা ফাইনেন্সিয়েল চাৰ্ভিচেছ লিমিটেড হৈছে মুম্বাইত মুখ্য কাৰ্যালয় থকা ভাৰতীয় গ্ৰাম্য নন-বেংকিং বিত্তীয় প্ৰতিষ্ঠান। সমগ্ৰ দেশতে ১০০০ৰো অধিক কাৰ্যালয় থকা ভাৰতৰ শীৰ্ষস্থানীয় ট্ৰেক্টৰৰ বাবে ঋণ দিয়া কোম্পানীসমূহৰ ভিতৰত ই অন্যতম।
১৯৯১ চনৰ ১ জানুৱাৰীত মেক্সি মটৰ্ছ ফাইনেন্সিয়েল চাৰ্ভিচেছ লিমিটেড নামেৰে মহিন্দ্ৰা ফাইনেন্স আৰম্ভ হয়। ১৯৯১ চনৰ ১৯ ফেব্ৰুৱাৰীত তেওঁলোকে ব্যৱসায় আৰম্ভ কৰাৰ প্ৰমাণ পত্ৰ লাভ কৰে। ১৯৯২ চনৰ ৩ নৱেম্বৰত মহিন্দ্ৰা ফাইনেন্সে তেওঁলোকৰ নাম সলনি কৰি মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা ফাইনেন্সিয়েল চাৰ্ভিচেছ লিমিটেড কৰে। মহিন্দ্ৰা ফাইনেন্স ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নীতি অনুসৰি এনবিপিচি হিচাপে কাম কৰে।
লগতে পঢ়ক:কিয় ড’নাল্ড ট্ৰাম্প জেললৈ যোৱাটো ঠিক নহ’ব বুলি ক’লে পৰ্ণ তাৰকা ষ্টৰ্মি ডেনিয়েলছে?
১৯৯৩ চনত ই মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা ইউটিলিটি বাহনৰ বাবে ঋণ দিবলৈ আৰম্ভ কৰে। ১৯৯৫ চনত মুম্বাইৰ বাহিৰত জয়পুৰত প্ৰথমটো শাখা মুকলি কৰে। ২০০২ চনত কোম্পানীটোৱে নন-মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা বাহনৰ বাবেও ঋণ দিবলৈ আৰম্ভ কৰে আৰু ২০০৯ চনত বাণিজ্যিক বাহন আৰু নিৰ্মাণ সঁজুলি ঋণৰ ব্যৱসায়ত নামে।