• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আচৰিত কাণ্ড! নিম্ন আদালতত দোষী সাব্যস্ত হোৱা গুজৰাটৰ বিজেপি সাংসদ আজিও লোকসভাৰ সদস্য

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 7, 2023 10:12 am
ৰাহুল গান্ধী আৰু বিজেপিৰ সাংসদ নৰনভাই ভিখাভাই কছাড়িয়া। ফটো: সংগ্ৰহীত।

ৰাহুল গান্ধী আৰু বিজেপিৰ সাংসদ নৰনভাই ভিখাভাই কছাড়িয়া। ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজনীতিৰ মলিনতাত একেটা কাৰ্যৰে দুই ভিন্ন পৰিণতি! এপিনে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক অপৰাধমূলক গোচৰত দোষী সাব্যস্ত হোৱাৰ লগে লগে বজ্ৰ গতিৰে সাংসদ হিচাপে অযোগ্য ঘোষণা কৰা হয়। কিন্তু গুজৰাটৰ এজন বিজেপি সাংসদৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল।

২০১৬ চনৰ ১৩ এপ্ৰিলত আমৰেলিৰ পৰা বিজেপিৰ সাংসদ নাৰানভাই ভিখাভাই কছাৰিয়াক স্থানীয় আদালতে তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।১৬ দিনৰ পাছত তেওঁ দোষী সাব্যস্ত হোৱা সন্দৰ্ভত স্থগিতাদেশ লাভ কৰে। কিন্তু তেতিয়া অধ্যক্ষ সুমিত্ৰা মহাজনৰ কাৰ্যালয়ে আমৰেলিৰ বিজেপি সাংসদগৰাকীক ‘অযোগ্য’ কৰাৰ কোনো চেষ্টা নকৰিলে।

লগতে পঢ়ক: চিবিআইৰ ৰোষত মোডীৰ শাসনত ভাৰতৰ আৰ্থিক বৈষম্যৰ প্ৰতিবেদন দিয়া অক্সফাম!

Apply Now

কেৱল সেয়াই নহয়, ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ টিকটত আমৰেলিৰ পৰা পুনৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল ৬৮ বছৰীয়া নাৰানভাই ভিখাভাই কাছাড়িয়া। গুজৰাটৰ পাটিদাৰ সম্প্ৰদায় তথা কৃষক নেতা কাছাড়িয়াই ২০০৯ চনৰ পৰা সংসদীয় নিৰ্বাচনত জয়লাভ কৰি আহিছে।

কিন্তু মানহানিৰ গোচৰত দুবছৰৰ বাবে দোষী সাব্যস্ত হোৱাৰ এদিন পিছতে ৰাহুল গান্ধীক লোকসভাৰ সাংসদ হোৱাৰ পৰা অযোগ্য ঘোষণা কৰা হয়। যিহেতু তেওঁ দুবছৰৰ কাৰাদণ্ড লাভ কৰিছে, সেয়েহে তেওঁক সাংসদ হিচাপে অপসাৰণৰ সূচনা স্বয়ংক্ৰিয়ভাৱে আৰম্ভ হৈছে।

মঙলবাৰে লোকসভা কংগ্ৰেছৰ নেতা অধিৰঞ্জন চৌধুৰীয়ে অধ্যক্ষ ওম বিৰলালৈ পত্ৰ লিখি কাছাড়িয়াৰ গোচৰৰ উদ্ধৃতি দি ৰাহুলৰ অযোগ্য ঘোষণা সন্দৰ্ভত আলোচনা বিচাৰিছিল।

লগতে পঢ়ক:কিয় ড’নাল্ড ট্ৰাম্প জেললৈ যোৱাটো ঠিক নহ’ব বুলি ক’লে পৰ্ণ তাৰকা ষ্টৰ্মি ডেনিয়েলছে?

চৰকাৰী চিকিৎসালয়ত কৰ্তব্যৰত দলিত চিকিৎসকক আক্ৰমণ কৰাৰ অপৰাধত দোষী সাব্যস্ত হয় কছাড়িয়া। আদালতে তেওঁক এই শাস্তিৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন কৰিবলৈ ৩০ দিনৰ সময় দিয়ে। আমৰেলিৰ সাংসদগৰাকীয়ে প্ৰথমে গুজৰাট উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। কিন্তু, গুজৰাট উচ্চ ন্যায়ালয়ে কাছাড়িয়াৰ শাস্তি স্থগিত ৰাখে।

তেওঁৰ দোষী সাব্যস্ত হোৱাৰ পিছতো তেওঁক নিলম্বন কৰা হোৱা নাছিল। ইয়াৰ পিছত কাছাড়িয়াক সাংসদ পদৰ পৰা বৰ্খাস্ত কৰিব লাগিছিল। কিন্তু, কৰা নহ’ল। অৱশেষত ২০১৬ চনৰ ২৯ এপ্ৰিলত উচ্চতম ন্যায়ালয়লৈ গৈ সকাহ পালে কাছাড়িয়াই।

লগতে পঢ়ক: জাপানৰ টহলদাৰী সামৰিক হেলিকপ্টাৰ বিধ্বস্ত

২০১৬ চনত গুজৰাটৰ সাংসদ কাছাড়িয়াক অযোগ্য ঘোষণা কৰা অধিসূচনা জাৰি কৰাত পলম হোৱা বুলি স্বীকাৰ কৰিছে লোকসভা সচিবালয়ে। কিন্তু গুজৰাটৰ কংগ্ৰেছ নেতাসকলে দোষী সাব্যস্ত হোৱাৰ পিছত কাছাড়িয়াক অযোগ্য ঘোষণা কৰিবলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, অধ্যক্ষ সুমিত্ৰা মহাজন আৰু নিৰ্বাচন আয়োগৰ কাষ চাপিছিল। কিন্তু, তাতো একো নহ’ল।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd