NORTHEAST NOW (Assamese)

১এপ্ৰিলৰ পৰা সলনি হ’ব ডেবিট, ক্ৰেডিট কাৰ্ডৰ অট’ পেমেন্টৰ নিয়ম; RBI ৰ নিৰ্দেশনাত কি আছে?

March 31, 2021 8:11 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

কাইলৈ অৰ্থাৎ ১ এপ্ৰিলৰ পৰা মোবাইল ইউটিলিটি তথা অন্যান্য বিলৰ ক্ষেত্ৰত ডেবিট কাৰ্ডৰ অট’ পেমেন্টৰ নিয়ম সলনি হ’ব।

এপ্ৰিলৰ পৰা ডেবিট তথা ক্ৰেডিট কাৰ্ড, ইউপিআই বা আন প্ৰিপেইড পেমেন্টৰ ক্ষেত্ৰত অতিৰিক্ত ফেক্টৰ অথেনটিকেশ্যন আৰম্ভ কৰা হ’ব।

ৰিজাৰ্ব বেংক অফ ইণ্ডিয়াই এই কথা জানিবলৈ দিছে।

নতুন নিয়ম অনুসৰি অট্য পেমেন্টৰ পূৰ্বে বেংকৰ পৰা গ্ৰাহকক জনোৱা হ’ব। গ্ৰাহকে সন্মতি দিলেহে টকা কটা যাব।

উদাহৰণস্বৰূপে আপুনি যদি Netflix, Amazon Prime, Disney+Hotstar আদি ব্যৱহাৰ কৰে, এনেধৰণৰ প্ৰিপেইড ষ্ট্ৰিমিং চাৰ্ভিছত প্ৰতি মাহে মাহটোৰ আৰম্ভণিতেই একাউন্টৰ পৰা কাৰ্ডৰ জৰিয়তে টকা কাটি নিয়া হয়।

এতিয়াৰে পৰা সেই টকা কটাৰ পূৰ্বে আপোনাৰ অনুমতি নিয়া হ’ব। টকা কটাৰ পূৰ্বে ই-মেইল বা এছএমএছত গ্ৰাহকলৈ মেচেজ আহিব।

গ্ৰাহকে সন্মতি পালেহে পেমেন্ট কটা হ’ব। যদি গ্ৰাহকে নিবিচাৰে পেমেন্ট বাতিল কৰিব পাৰে। গ্ৰাহকে এই অতিৰিক্ত সেৱাৰ বাবে বেংকক কোনো মাছুল দিব নালাগে।

আনহাতে, কাৰ্ড বা ই-ৱালেটৰ পৰা এইদৰে মাহত সৰ্বাধিক পাঁচ হাজাৰ টকা কটা যাব। ইয়াতকৈ অধিক টকাৰ পেমেন্ট কটাৰ বাবে গ্ৰাহকে OTP দিব লাগিব।

Related News