NORTHEAST NOW (Assamese)

লখিমপুৰ জিলাৰ ২৫ টা কেন্দ্ৰত আজি পুনৰ ভোট গ্ৰহণ

December 10, 2018 10:07 am · এন ই নাও নিউজ
Updated: December 10, 2018 11:03 am
প্ৰতিনিধিত্বমূলক চিত্ৰ

আজি লখিমপুৰত পুনৰ অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া। মুঠ ২৫ টা ভোট গ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া।

৫ ডিচেম্বৰত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াত লখিমপুৰ জিলাৰ বিভিন্ন ঠাইত ব্যাপক বিসংগতিয়ে দেখা দিছিল।

লখিমপুৰ জিলাৰ কেবাটাও ভোট গ্ৰহণ কেন্দ্ৰত বেলট পেপাৰত নাম নথকা, প্ৰতীক চিহ্নৰ সলনি, ভোটাৰ তালিকাত ভোটাৰৰ নাম নথকা, বেলট বাকচ  নদীত পেলাই দিয়াৰ দৰে বিভিন্ন বিসংগতিয়ে দেখা দিছিল।

ভোট গ্ৰহণৰ পিছদিনা অৰ্থাৎ ৬ ডিচেম্বৰত ৰাজ্যিক নিৰ্বাচন আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাই সংবাদমেলৰ জৰিয়তে ৰাজ্যৰ মুঠ ৪৩ টা কেন্দ্ৰত পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব বুলি জনাইছিল। ইয়াৰ ভিতৰত পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব লগীয়া লখিমপুৰ জিলাত ২৮ টা কেন্দ্ৰ আছে বুলি তেওঁ সংবাদমেলত মন্তব্য কৰিছিল।

অৰ্থাৎ ৰাজ্যিক নিৰ্বাচন আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাই কৰা মন্তব্যৰ পৰা জানিব পাৰি যে ৰাজ্যখনৰ লখিমপুৰ জিলাতে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াত ব্যাপক বিসংগতিয়ে দেখা দিছিল।

অৱশ্যে আজি ২৮ টা কেন্দ্ৰৰে ২৫ টাতহে পুনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে।

Related News