শিৱসাগৰত বিশ্বকৰ্মা পূজাৰ কাৰ্য্যসূচীত বহিঃৰাজ্যৰ নৰ্তকীৰ অশ্লীল, উদ্দাম নৃত্যক লৈ প্ৰতিক্ৰিয়া অব্যাহত

নৃত্যৰ তালত মুগ্ধ হৈ ভক্তগণে নৰ্তকীৰ শৰীৰলৈ দলিয়ালে মুঠিয়ে মুঠিয়ে টকা

VulgarDance

শিৱসাগৰৰ নগৰত বিশ্বকৰ্মা পূজাৰ ৰাতিৰ কাৰ্য্যসূচীত নৰ্তকীৰ অশ্লীল নৃত্য। ফটো : পাৰ্শ্বজ্যোতি গগৈ।

শিৱসাগৰ চহৰৰ মাজমজিয়াত ১৭ ছেপ্তেম্বৰত অনুষ্ঠিত বিশ্বকৰ্মা পূজাৰ কাৰ্য্যসূচীত বহিঃৰাজ্যৰ পৰা অনা নৰ্তকীৰ উদ্দাম নৃত্যৰ প্ৰদৰ্শন আৰু অশ্লীলতাৰ পয়োভৰ ঘটাক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে অঞ্চলটোত।

স্থানীয় ৰাইজে এতিয়াও এই ঘটনাটোক সহজভাৱে ল’ব পৰা নাই আৰু ব্যৱসায়ৰ সূত্ৰে বহিঃৰাজ্যৰ পৰা আহি ইয়াত থিতাপি লোৱা লোকসকলে এইদৰেই অঞ্চলটোলৈ অপসংস্কৃতিৰ আমদানি কৰিছে বুলি অভিযোগ তুলিছে।

উল্লেখযোগ্য যে উক্ত দিনা নগৰৰ ষ্টেচন চাৰিআলি বজাৰ কমিটিয়ে আয়োজন কৰা বিশ্বকৰ্মা পূজাৰ কাৰ্য্যসূচীত ৰাতিৰ ভাগত ভোজপুৰী গীতৰ তালত চলিল বহিঃৰাজ্যৰ পৰা অনা নৰ্তকীৰ অৰ্ধ-উলংগ শৰীৰৰ উদ্দাম নৃত্য। পূজাৰ নামক চলা এই নৃত্য উপভোগত মচগুল হ’ল ভক্তগণ। তাতকৈও আচৰিত কথা, উত্তৰ ভাৰতীয় অপসংস্কৃতিৰ অনুকৰণেৰে নৰ্তকীৰ গালৈ মুঠিয়ে মুঠিয়ে নোট দলিয়ালে উন্মাদ ভক্তই। নগৰখনৰ মাজমজিয়াতে মাজনিশালৈকে এই নৃত্য অনুষ্ঠান চলি থকা সত্ত্বেও আৰক্ষী প্ৰশাসনে নল’লে কোনো ভূমিকা।

মন কৰিব লগীয়া যে ১৭ ছেপ্তেম্বৰৰ ৰাতিৰ এই কাৰ্য্যসূচীক লৈ ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া আহি থকাৰ মাজতে ১৮ ছেপ্তেম্বৰত পূজা বিসৰ্জনৰ সময়তো পূজা কমিটিখনে এই নৰ্তকীসকলক ট্ৰাকত উঠাই লৈ নগৰৰ মাজেৰে উদ্দাম নৃত্য কৰাই কৰাই লৈ যোৱা দেখিবলৈ পোৱা গ’ল।

স্থানীয় সচেতন লোকৰ মাজত এই লৈ ব্যাপক প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত আছে। বীৰ লাচিত সেনা শিৱসাগৰ জিলা সমিতিয়ে আজি জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাক এই আপ-সংস্কৃতি বন্ধ কৰাৰ বাবে স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে বিহিত ব্যৱস্থা লবলৈ আহ্বান জনাইছে।

তাৰোপৰি পূজাৰ নামত চলা এই অপ-সংস্কৃতিৰ আমদানিক সমগ্ৰ শিৱসাগৰবাসীয়ে ধিক্কাৰ দিয়াৰ লগতে দোষীক শাস্তি বিহিবলৈ আহ্বান জনাইছে।