• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘হে মোৰ সপোনৰ সূৰ্যৰ মানুহ’-জ্ঞানপীঠ বঁটা গ্ৰহণ কৰি আৰু কি ক’লে কবি নীলমনি ফুকনে? চাওক, কাব্যঋষিৰ ভাষণৰ সম্পূৰ্ণ পাঠ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 12, 2022 6:53 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত সোমবাৰে ৫৬ সংখ্যক জ্ঞানপীঠ‌ পুৰস্কাৰ গ্ৰহণ কৰি কবি নীলমণি ফুকনে আগবঢ়োৱা ভাষণৰ সম্পূৰ্ণ পাঠ পাঠকলৈ আগবঢ়োৱা হ’ল। (অনুষ্ঠানত এই ভাষণ পাঠ কৰে কবিগৰাকীৰ সুপুত্ৰ অমিতাভ ফুকনে)।

হে মোৰ সপোনৰ সূৰ্যৰ মানুহ,

জয় জয়তে সমবেত সুধীসমাজৰ ওচৰত মই মূৰ দোঁৱাইছোঁ। নমস্কাৰ জনাইছোঁ।

২০২১ বৰ্ষৰ জ্ঞানপীঠ সন্মান এই অকিঞ্চনলৈ আগবঢ়োৱা হৈছে, ই এক অসামান্য মানবিশিষ্ট বঁটা। মোৰ কবিতাৰ বাবে এয়া এক ওখ খাপৰ স্বীকৃতি। অসমীয়া ভাষাত কবিতা লিখা কবি এজনলৈ এই সন্মান আগবঢ়োৱাৰ মানসেৰে জ্ঞানপীঠ সমিতিয়ে মোৰ নাম বিবেচনা কৰাত মই ভাল পাইছোঁ, সুখী হৈছোঁ।

সমিতিৰ লগত যুক্ত হৈ থকা সকলোকে ধন্যবাদ জনোৱাৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী প্ৰমুখ্যে অসম চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

চাৰিওপিনে হিংসা– নিৰ্বিচাৰ নিৰ্মম

নিৰ্যাতন

নিপীড়ণ হত্যাৰ খবৰৰ লগত মিল নোখোৱা খবৰ এইটো।

ধৰ্মান্ধৰ উন্মাদনা

ৰাজনীতিৰ দুৰ্বৃত্তায়ন– দিনে দিনে বাঢ়ি অহা পৰিৱেশ প্ৰদুষণ

অনিশ্চয়তা

দৌৰা-দৌৰি।

ভয়ৰ মাজত মোলৈ অহা এই ভাল খবৰটোৱে মুকলিকৈ উশাহ ল’ব পাৰিছেনে?

চকিয়াল নামৰ অখ্যাত গাঁওখনৰ এমূৰত থকা হাবিখনৰ পৰা হাতৰ মুঠিত জোনাকী এটা লৈ তাহানিতেই গুৱাহাটী ওলাইছিলোহি। অন্তৰত বিষণ্ণ এক সেউজীয়া স্তব্ধতা

সোণাৰুৰ অকণমান সোণহালধীয়া লৈ

গেজেপনি হাবি এখনৰ পৰা ওলাই আহিছিলোঁ

নেঘেৰেটিঙৰ শিৱদৌল, দেওপাহাৰৰ শিলামূৰ্তিবোৰ আৰু আমাৰ গাঁৱৰ কাষেৰে বৈ যোৱা গেলাবিল নামৰ ৰূপহী নৈখনে মোৰ মন-প্ৰাণ প্ৰবাহিত কৰি নৰখা হ’লে মই আজিৰ এই ঠাই ওলাব নোৱাৰিলোহেঁতেন, সি খাটাং। তাৰ লগতে আছে এই চুটি ভাষণত নামোল্লেখ কৰিব নোৱাৰা মোৰ পুথিৰ প্ৰকাশকসকল, আলোচনীৰ সম্পাদকসকল, ঘৰখন, পৰিয়ালৰ সদৌতিকে ধৰি অসংখ্য শুভানুৰাগী, অনুৰাগীৰ মৰম-ভালপোৱা আৰু পূজনীয় পিতৃ-মাতৃৰ লগতে জ্যেষ্ঠ জনৰ আশীৰ্বাদ।

 জৰোশ্লাভ চিফাৰ্টৰ এফাঁকি কবিতাৰ প্ৰতিধ্বনি কৰি কওঁ, পৃথিৱীৰ কেইবা নিযুত কবিতাৰ মাজত মই মাত্ৰ কেইটামান কবিতাহে যোগ দিছোঁ, উঁইচিৰিঙাৰ মাততকৈ তাত বেছি জ্ঞানগৰ্ভ কথা একো নাই।

চহৰত সুদীৰ্ঘকাল কটোৱাৰ পিছতো স্মৃতি-স্বপ্ন, বিষাদ-আনন্দ হৈ সেই গাঁওখনেই অজস্ৰ কথা সুৰ-গন্ধ-বৰ্ণ, দিন আৰু ৰাতিৰ ৰহস্যময় দৃশ্য হৈ আজিও প্ৰতিনিয়ত মোৰ মন হৃদয় আৰু কল্পনাক আলোড়িত কৰি ৰাখিছে। গাঁওখনৰ কাষেদি বৈ যোৱা বৰ্ষা-শীতৰ নৈখনৰ পাৰত থিয় হৈ আজিও যেন দূৰ দিগন্তলৈ চাইছোঁ আবেলি উৰি যোৱা চৰাইজাকৰ ফাললৈ।

ওখ ওখ গছবোৰৰ ওপৰলে হাত মেলি দিছোঁ

নৈ-সাগৰ অৰণ্যানি পৰ্বত-পাহাৰ মৰুভূমি পাৰ হৈ ক’ৰবাৰ মানুহ গৈ কোন সুদুৰত ওলাইছোঁগৈ।

কোনোবা জনমৰ সুহৃদ বুলি ইজনৰ পিছত সিজনক আঁকোৱালি লৈছোঁ

নিজকে পাহৰি গৈছোঁ, আকৌ নতুনকৈ নিজকে বিচাৰি পাইছোঁ

চিৰকালৰ মানুহৰ অমিত শক্তি

আশা-আকাংক্ষা

জয়-পৰাজয়ৰ গৌৰৱ-আনন্দ-গ্লানি-যন্ত্ৰণাৰ অংশীদাৰ হৈছোঁ

যেতিয়া পৃথিৱীৰ সৰ্বত্ৰ মানুহ আছে

জড় জীৱন্ত বস্তুবোৰ আছে

জুই-পানী আছে

হাঁহি আৰু চকুলোৰ জোন-বেলি তৰাবোৰ অনন্ত কাল ধৰি একেখন আকাশতে জ্বলি আছে।

চি জি য়ুঙে এবাৰ কৈছিল– আধুনিক মানুহে এটা আত্মা বিচাৰি ফুৰিছে। আমাৰ বিশ্বাস, কবিতাৰ মাজেৰেই আধুনিক মানুহে এদিন সেই আত্মাৰ সন্ধান পাব, সন্ধান পাব এখন প্ৰেমৰ পৃথিৱীৰ– নতুন আধ্যাত্মিক প্ৰমূল্যৰ, সৰ্বাত্মক এটা মানৱিক যুগৰ।

কবিতা ভাষা শিল্প, জীৱন শিল্পও। সমাজবোধ আৰু ইতিহাসবোধৰ পৰাই উৎসাৰিত হয় কবিতাৰ ভাষা।

 কিন্তু শেষত এই ভাষাৰো বন্ধন ছিঙি কবিতাই বিচাৰে অন্তহীন ব্যাপ্তি –

মানুহৰ তেজত

মঙহত-বতাহত-আকাশত

লিখিছোনে এনে এটা কবিতা যি ‘বচনাতীতৰ আস্বাদ’

আনন্দ ৰূপ অমৃত

নীল নিনাদি উঠা হুংকাৰ

যি জীৱনৰ প্ৰতিকল্প

য’ত কালাতীত মহাজীৱনৰ ধ্বনিময়-ৰূপময়-গন্ধময়-বৰ্ণময় বাণী সোণৰ সংগীত হৈ বাজি উঠিছে•

গুজৰি গুমৰি মৰিছে

বহু প্ৰস্তুতি আৰু প্ৰতিক্ষাৰ পিছত পাঁও এটা তন্ময়ৰ মুহূৰ্ত। লিখো এটা কবিতা বা অকবিতা। তাৰ পাছত আকৌ সেই অতৃপ্তি।

সেই ব্যৰ্থতাৰ ক্লেশ আৰু যন্ত্ৰণা। আকৌ সেই ৰৈ থকা আৰু সেই এজাক বৰষুণলৈ বাট চাই থকা।

মানুহক মানুহ কৰাই সকলো কলাৰ লক্ষ্য। কবিতাৰো।

মানুহৰ সৃজনীশক্তি, উপলব্ধি শক্তি, মংগলবোধক উদ্ৰেক কৰা বোধ-অনুভূতিক জীপাল, তেজাল, ধাৰাল কৰা– মানুহৰ সৃজনশীল চৈতন্যক সম্প্ৰসাৰিত কৰা

মানুহক দ্ৰষ্টা কৰা

স্ৰষ্টা কৰা।

পৃথিৱীৰ সকলো কবিয়েই সম্ভৱত বাঞ্চা কৰে, পৃথিৱীৰ সকলো মানুহেই কবি হওক, বিদ্ৰোহী হওক, প্ৰেমিক হওক।

জীৱনৰ অখণ্ড ৰূপৰ সাধনাই কবিৰ সাধনা।

আৰু কবিতা– প্ৰেম, শক্তি, শান্তি, ঐক্য, সৌন্দৰ্যত আৰু সৃজনশীলতাত মানুহৰ অটল আস্থা। এই কাৰণেই ই অক্ষয় আৰু অনন্ত। প্ৰতিটো কবিতাই এটা মানৱিক মুহূৰ্ত, যি আনন্দ বেদনাৰ, শেষ হয় চেতনাৰ নিস্তব্ধ উজ্জীৱনত। কবিতা মানৱতাৰ কণ্ঠস্বৰ। কাণ পাতিলেই প্ৰতিজনে নিজৰ মনৰ নিজানত শুনিবলৈ পাব পুৱা-সন্ধ্যাৰ, সত্য আৰু সৌন্দৰ্যৰ সেই আৱহমান ৰাগমালা।

সাৰ্থক কবিতা এটা পঢ়িলে

বা শুনিলে আমি নিজকে পাওঁ

আনকো পাওঁ

হঁহা দেখোঁ

কন্দা দেখোঁ

জীৱন্ত জড় বস্তুবোৰক নিজৰ মাজত দেখোঁ

ক’ৰবাত নিজকে এৰি থৈ কাৰোবাক বিচাৰি ক’ৰবালৈ গুচি যাওঁ।

বিশ্ব প্ৰকৃতি আৰু জীৱনৰ ৰহস্যৰ লগত জনা-নজনাকৈ আমাৰ এটা সম্পৰ্ক হয়। নিজৰ কল্পনা আৰু বোধ অনুভূতিৰে মানুহৰ অস্তিত্ব, অস্তিত্বৰ যন্ত্ৰণা, সত্য অসত্যক, অতীত, বৰ্তমান আৰু ভৱিষ্যতক জীৱনৰ পূৰ্ণতা, অপূৰ্ণতাক, জনা-নজনাক অনুভৱ উপলব্ধি কৰোঁ। ব্যক্তিমন সাৰ্বজনীন মনৰ লগত কালস্ৰোত আৰু ইতিহাসৰ লগত অন্বিত হয়।

কবি মাত্ৰেই তেওঁ এজন সৰ্বপ্ৰাণবাদী, প্ৰেমিক, বিদ্ৰোহী, মানৱতাবাদী, মানুহৰ মৈত্ৰী-মমতাবোধত শান্তি-ঐক্য আৰু মানুহৰ ভৱিষ্যতত বিশ্বাসী। পৃথিৱীৰ সকলো কবিয়েই বাঞ্চা কৰে, সৰ্বত্ৰ শোষণ-পীড়নৰ অন্ত হওক, ভাতৃঘাতী, আত্মঘাতী সংঘাত, সংঘৰ্ষ, যুদ্ধ-বিগ্ৰহ, ৰক্তপাতৰ অন্ত হওক, মানুহৰ মানুহলৈ ভয় নোহোৱা হওক।

পৃথিৱীৰ প্ৰতিজন মানুহেই প্ৰতিজন মানুহৰ মাজত বিচাৰি পাওক চিৰকালৰ এজন পৰম সুহৃদ। মানুহৰ জীৱনৰ প্ৰতিটো মুহূৰ্তই হওক একোটা মানৱিক মুহূৰ্ত– একোটা আধ্যাত্মিক মুহূৰ্ত।

ছাঁ জাঁ পেৰ্ছৰ এফাঁকি কথাৰ প্ৰতিধ্বনি কৰি কওঁ–

কবিতা মাটিৰ চাকি।

কবিৰ হাতত থকা এই মাটিৰ চাকিটিৰ পোহৰেই আজিৰ এই পৰিস্থিতিত যথেষ্টনে? যথেষ্ট– যদি মানুহে কেৱল মনত ৰাখে মাটিক।

প্ৰখ্যাত সমালোচক চি এম বাওৰাৰ কথাৰ সুৰত কওঁ– মোৰ প্ৰতিটো কবিতা সভ্যতাৰ বাটেৰে আহি থকা আধুনিক মানুহৰ মনৰ বিকাশ– উন্মুখ এটা এটা নবীন খোজহে মাথোন। মানুহ, মানুহ, মানুহ, মানুহ, মানুহ– মোৰ সপোনৰ সূৰ্যৰ মানুহ– মোৰ অপাৰ অগাধ-অটল আস্থাৰ থলী।

তাৰ পিছতো মোৰ মনলৈ এই ভাব আহে– আপুনি কবিতা পঢ়েনে? নিচেই কম সংখ্যক মানুহেহে কবিতা পঢ়ে আৰু কাচিৎ কোনোবাজনেহে কবিতাৰ দ্বাৰা সামান্য প্ৰভাৱিত হয়। মানুহ য’তেই আছে, তাতেই জড় জীৱন্ত বস্তুবোৰ আছে। তাতেই কবিতা আছে। জীয়াই থকাটোৱেই কবিতা। জীৱনেই কবিতা। কেৱল মানুহৰেই গান আছে। মানুহৰেই আছে এটা চিন্তাশীল আবেগিক ভাব জীৱন, এটা বৃহত্তৰ জীৱন। মানুহৰ অন্তৰাত্মাৰ ব্যাকুলতাৰ অন্ত নাই। মানুহেই কেৱল কল্পনা আৰু সৃজনীশক্তিৰ অধিকাৰী। এই কল্পনাই জ্ঞান, আৰু সৃজনীশীল চৈতন্যই পোহৰ। সৃজনশীল চৈতন্যৰ সমৃদ্ধি আৰু ব্যাপ্তিতেই মৰণশীল মানুহৰ শৌৰ্য আৰু মনুষ্যত্বৰ গৌৰৱ।

আহক কবিতা পঢ়োঁ। কবিতাই অমৃত মণি, অভয়। পাৰাপাৰহীন প্ৰেমৰ মাজত অনাবিল সৌন্দৰ্যৰ মাজত নগ্ন হওক, মগ্ন হওক, স্তব্ধ হওক– মুক্ত কৰক মন আৰু হৃদয়ক। আৰু আপুনি নিজেই হৈ উঠক এটা কবিতা।

আপুনিও এটা শুভবাৰ্তাৰ কাৰণে ৰৈ আছে, মানৱতাৰ মুহূৰ্তবোৰৰ কাৰণে। আহক উপলব্ধি কৰোঁ অনিৰ্বচনীয় এক আনন্দ আৰু বেদনাক, যি আনন্দৰ, বেদনাৰ শেষ হয় চেতনাৰ নিস্তব্ধ বোধনত।

আহক অনুভৱ কৰোঁ –

মনৰ ভিতৰত ৰঙা হালধীয়া ফুলবোৰ ফুলি উঠা,

এটা শঙ্খৰ ভিতৰত এটা শঙ্খ বাজি উঠা।

অনুভৱ কৰোঁ– মানুহ মুক্ত, জীৱন সুন্দৰ, জুই সুন্দৰ, পানী সুন্দৰ, উইচিৰিঙাৰ মাতটো সুন্দৰ, টিপচি চৰাইটো সুন্দৰ, সুন্দৰ মানুহৰ মৃত্যু।

মই এক অসমীয়া, মোৰ কবিতাৰ ভাষা অসমীয়া, তাৰ মাজেৰেই মই বিশ্বমন, হৃদয় আৰু প্ৰাণৰ সৈতে যুক্ত হৈ থাকোঁ। দেশ, কাল, ভাষাৰ সীমা চেৰাই গৈ পোৱা মুকুতিৰ স্নিগ্ধ আনন্দত লালিত মোৰ কল্পনা।

অসমৰ বিনন্দীয়া প্ৰকৃতিয়ে মোৰ কল্পনাক প্ৰাণৱন্ত কৰি ৰাখে। ইয়াৰ পাহাৰ, ভৈয়ামৰ মাটি, শইচৰ সেউজ-সোণালীয়ে মোৰ সংবেদনত জোঁকাৰ তুলি থাকে অনবৰতে, ইয়াৰ কলৰৱমুখৰ নৈবোৰৰ সৌন্দৰ্য-মাধুৰ্য, নৈৰ পাৰৰ ছোৱালীহঁতৰ ৰূপ-জেউতিয়ে মোৰ সৃজনশীল মনটোক নিয়ত আলোড়িত কৰি ৰাখে। মোলৈ অহা অতিকে সন্মানজনক জ্ঞানপীঠ বঁটা এই সকলোৰে লগত মই ভগাই লবলৈ পাই পুলকিত হৈছোঁ।

শেষত, পুনৰবাৰ সমবেত সুধী সমাজক কৃতজ্ঞতা জনাই মোৰ দোৱাইছোঁ, সেৱা জনাইছোঁ।

ধন্যবাদ

নীলমণি ফুকন

১১ এপ্ৰিল ২০২২

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

September 18, 2025 7:08 am
ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

বিহাৰৰ পাছত দিল্লীত আৰম্ভ হৈছে SIR প্ৰক্ৰিয়া! ২০০২ চনৰ তালিকাত ভোটাৰৰ নাম বিচাৰিবলৈ আয়োগৰ নিৰ্দেশ

September 18, 2025 7:08 am
ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd