• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ প্ৰত্যাহাৰ কৰিবলৈ সাজু হৈছে মিজোৰাম চৰকাৰ

মিজোৰামৰ মুখ্যমন্ত্ৰীৰ অনুমোদন অবিহনেই হেনো এজাহাৰত সন্নিবিষ্ট হৈছিল হিমন্ত বিশ্বৰ নাম

এন ই নাও নিউজ by এন ই নাও নিউজ
August 1, 2021 3:31 pm
Himanta-Biswa-Sarma-5-750x375-1
300
VIEWS
Share on FacebookShare on Twitter

অসম-মিজোৰামৰ মাজত সংঘাত চলি থকা সংঘাতে আজি নতুন মোৰ লৈছে।

ক্ৰমাৎ উত্তপ্ত হৈ পৰা সীমান্তত পুনৰ শান্তি প্ৰতিষ্ঠা হোৱাৰ সম্ভাৱনাই দেখা দিছে। আজি মিজোৰাম চৰকাৰে এই বুলি ঘোষণা কৰিছে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যি এজাহাৰ দাখিল কৰা হৈছিল সেয়া প্ৰত্যাহাৰ কৰিবলৈ মিজোৰাম চৰকাৰ সাজু আছে।

মিজোৰামৰ মুখ্য সচিব লালনুনমাৱিয়া চুংৱাগোই আজি এই কথা সদৰী কৰি কয় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম এজাহাৰত সন্নিবিষ্ট কৰাৰ ক্ষেত্ৰত মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ কোনো অনুমোদন নাছিল।

মুখ্যমন্ত্ৰীৰ অনুমোদন অবিহনেই হিমন্ত বিশ্ব শৰ্মাৰ নাম এজাৰত সোমাই পৰা বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে তেওঁ এজাহাৰ দাখিল কৰা আৰক্ষী বিষয়াৰ সৈতে কথা পাতিব আৰু যদি কোনো আইনী বাধা নাথাকে তেন্তে এজাহাৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ নামটো প্ৰত্যাহাৰ কৰা হ’ব।।

তেওঁ অৱশ্য এজাহাৰত নাম থকা অসমৰ আন ছগৰাকী আৰক্ষী বিষয়াৰ নাম এজাহাৰৰ পৰা প্ৰত্যাহাৰৰ প্ৰসংগত একো উল্লেখ নকৰিলে। উল্লেখ্য

মিজোৰামৰ ভেইৰেংটে আৰক্ষী থানাৰ পৰিদৰ্শক এইচ লালচাওইমাওৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসম আৰক্ষীৰ মহা পৰিদৰ্শক অনুৰাগ আগৰৱালা, আৰক্ষী উপ  মহাপৰিদৰ্শ দেৱজ্যোতি মুখাৰ্জী, কাছাৰৰ উপায়ুক্ত কীৰ্তি জালি, কাছাৰৰ (প্ৰাক্তন) আৰক্ষী অধীক্ষক বৈভৱ চন্দ্ৰকান্ত নিম্বলকাৰ, বন বিষয়া ছানিদেউ চৌধুৰী, ধলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চাহাবুদ্দিন আৰু অসম আৰক্ষীৰ অচিনাক্ত ২০০ আৰক্ষীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।

মিজোৰামৰ ভেইৰেংটে জিলাত প্ৰৱেশ কৰাৰ অভিযোগ তুলি কোভিড প্ৰট’কল ভংগ কৰা আৰু মিজোৰাম কন্টেইনমেন্ট এণ্ড প্ৰিভেনশ্যন অফ কোভিড-১৯ এক্ট ২০২০ৰ লগতে ভাৰতীয় দণ্ডবিধিৰ অধীনত এজাহাৰখন দাখিল কৰা হৈছিল।

মুখ্যমন্ত্ৰীগৰাকী আৰু লগতে অন্যান্য বিষয়াসকলক অহা ১ আগষ্টত অৰ্থাৎ আজি আৰক্ষী থানাখনত হাজিৰ হ’বলৈ কোৱা হৈছিল।

ইপিনে অসম আৰু মিজোৰামে আলোচনাৰ মাজেৰে আন্ত:ৰাজ্যিক সীমা সমস্যা সমাধান কৰিবলৈ সন্মত হৈছে।

দেওবাৰে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই এই কথা জানিবলৈ দিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ মাজত হোৱা টেলিফোনিক বাৰ্তালাপৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

‘’কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এক টেলিফোনিক আলোচনাৰ পাছত আমি মিজোৰাম-অসম সীমান্তৰ বিষয়টো সৌহাৰ্দ্যপূৰ্ণভাৱে সন্তোষজনক আলোচনাৰ জৰিয়তে সমাধান কৰিবলৈ সনন্মত হও,’’-মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই কয়।

জোৰামথাংগাই লগতে মিজোৰামৰ জনসাধাৰণক ছচিয়েল মিডিয়াত ‘স্পৰ্শকাতৰ মেচেজ’ প’ষ্ট নকৰিবলৈকো আহ্বান জনাইছে।

‘’… পৰিস্থিতিৰ কোনো সম্ভাৱ্য উত্তেজনা প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি, মই মিজোৰামৰ জনসাধাৰণক তেওঁলোকৰ ছচিয়েল মিডিয়া প্লেটফৰ্মত স্পৰ্শকাতৰ মেচেজ প’ষ্ট কৰাটো পৰিহাৰ কৰিবলৈ অনুৰোধ জনাইছো,’’- মুখ্যমন্ত্ৰী জোৰামথাংগাই কয়।

 

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd